ETV Bharat / sports

আইপিএল খেলুৱৈক দিয়া নহ'ব মাননী !

author img

By

Published : Mar 31, 2020, 8:12 PM IST

কোভিড-১৯ ৰ মহামাৰীৰ বাবে যদিহে আইপিএল অনুষ্ঠিত নহয় তেন্তে বহু কোটি টকাৰ লোকচানৰ সন্মুখীন হব বিচিচিআই । তেনেস্থলীত খেলুৱৈৰ দৰমহাৰ কৰ্তনৰ সম্ভাৱনা ।

আইপিএল খেলুৱৈক দিয়া নহ'ব মাননী !
আইপিএল খেলুৱৈক দিয়া নহ'ব মাননী !

স্পৰ্টছ ডেস্ক, ৩১ মাৰ্চঃ আইপিএলক লৈ নামি আহিছে অনিশ্চয়তা । যদিহে আইপিএল অনুষ্ঠিত নহয় তেন্তে কৰ্তন হব পাৰে দৰমহা । ন প্লে, ন পে নীতি গ্ৰহণ কৰিব পাৰে বিচিচিআইয়ে । যদিহে এনে হয় তেন্তে বহু খেলুৱৈৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব এই সিদ্ধান্তই । সাধাৰণতে যি সকল ঘৰুৱা খেলুৱৈয়ে পোন প্ৰথমবাৰৰ বাবে এই বছৰ অন্তৰ্ভূক্ত হৈছিল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত ।

কোভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰথম অৱস্থাত ১৫ এপ্ৰিল লৈ স্থিগত কৰা হৈছে আইপিএল । আইপিএলৰ নিয়ম অনুসৰি টুৰ্ণামেণ্টৰ প্ৰথম সপ্তাহত ১৫ শতাংশ, টুৰ্ণামেণ্টৰ মাজ সময়কালত ৬৫ শতাংশ আৰু টুৰ্ণামেণ্টৰ শেষ হোৱাৰ পাচত ২০ শতাংশ মাননী দিয়া হয় । বৰ্তমানলৈকে কোনো খেলুৱৈক মাননী দিয়া হোৱা নাই বিচিচিআইৰ নিয়ম অনুসৰি ।

আইপিএলৰ এটা ছীজন অবিহনে অৰ্থনৈতিক সংকটে দেখা দিব পাৰে । তাতে লকডাউনৰ ফলত হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীনৰ পাচতেই ঘৰুৱা খেলুৱৈ সকলৰ দৰমহা কৰ্তনৰো সন্মুখীন হোৱাৰ সন্মুখীন আছে বুলি কয় ভাৰতীয় ক্ৰিকেট সংস্থাৰ অধ্যক্ষগৰাকীয়ে । বৰ্তমান সময়ত বিচিচিআইয়ে বিকল্প পথৰ চিন্তা-চৰ্চা কৰি আছে । দেশত ১৪ এপ্ৰিললৈ ২১ দিনৰ বাবে লকডাউনৰ ঘোষণা কৰা হৈছে । ইপিনে ১৫ এপ্ৰিল লৈ স্থগিত কৰা হৈছে আইপিএল ।

এই সময়ছোৱাত দৰমহা কৰ্তন কৰা কথাত সন্মতি প্ৰদান কৰিছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈ সকলে । আনহাতে ফ্ৰেনচাইজীয়ে স্পষ্ট কৰিছে যে, মহামাৰী বাবে খেলুৱৈৰ দৰমহাৰ কোনো ধৰণৰ বীমা নাই । যদি কোনো ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত নহয় কেনেকৈ আমি বহন কৰিম কোটি কোটি টকা দৰমহা । প্ৰত্যেক টো ফেনচাইজীয়ে প্ৰায় ৭৫-৮৫ কোটি টকা দৰমহা প্ৰদান কৰিব লাগে ।

ইংলিছ প্ৰীমিয়াৰ লীগ, লা-লীগা ইত্যাদি খেলুৱৈৰো দৰমহা কৰ্তন কৰা হৈছে যদিহে আইপিএল অনুষ্ঠিত কৰিব নাযায় তেন্তে প্ৰায় ৩০০০ কোটি টকা লোকচানৰ সন্মুখীন হব বুলি অনুমান কৰা হৈছে । ধোনী, কোহলিৰ বাবেই নহয় প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হোৱা বহু খেলুৱৈৰ বাবে ক্ষতি বুলি উল্লেখ কৰে । অৱশ্য়ে বৰ্তমান লৈকে দৰমহা কৰ্তনক লৈ কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই ।

Covid-19 মহামাৰী : প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ ৭৬ লাখ টকাৰ বৰঙণি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.