স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰ : বুধবাৰে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অল্ড ট্ৰেফৰ্ড মানচেষ্টাৰত অনুষ্ঠিত হোৱা তৃতীয় তথা নিৰ্ণায়ক এদিনীয়াত ৰোমাঞ্চকৰ জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ 3 উইকেটত জয় লাভেৰে তিনিখন মেচৰ এদিনীয়া শৃংখলা 2-1 ব্যৱধানত দখল কেংগাৰু বাহিনীৰ ৷
মেচখনত ইংলেণ্ডৰ 303 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি অষ্ট্ৰেলিয়া দলটোৱে প্ৰাৰম্ভিক 20 টা অভাৰৰ ভিতৰতেই বিপৰ্যয়ৰ সন্মুখীন হয় ৷ দলটোৱে 21 ৰানৰ দলীয় স্ক’ৰত প্ৰথমে এৰণ ফিন্স (12) আৰু ইয়াৰ পাচতেই মাৰ্কাছ ষ্ট’ইনিছ (4), ডেভিদ ৱাৰ্ণাৰ (24), মিটচেল মাৰ্ছ (2) আৰু মাৰ্ণুছ লাবুচেনৰ (20) উইকেট হেৰুৱাই ৷ ইয়াৰ পাচত অষ্ট্ৰেলিয়া দলটোক বিজয় স্থিতিলৈ উপনীত কৰে গ্লেন মেক্সৱেল আৰু উইকেটকীপাৰ বেটছমেন এলেক্স কেৰীয়ে ৷ মেক্সৱেলে 90 টা বলত কেৰিয়াৰৰ দ্বিতীয়টো আৰু কেৰীয়ে কেৰিয়াৰৰ প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ মেক্সৱেল 108 ৰান কৰাৰ বিপৰীতে কেৰীয়ে 106 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয় ৷
48 অভাৰৰ অন্তিমটো বলত জফ্ৰা আৰ্চাৰে কেৰীৰ উইকেট দখল কৰি ইংলেণ্ডক জয়ৰ দুৱাৰ দলিত উপনীত কৰিছিল যদিও মিটচেল ষ্ট্ৰাকৰ প্ৰথমটো বলতেই আকাশলংঘী ছয়ে চেঁচাপানীত পৰিণত কৰে ইংলেণ্ডৰ আশা ৷ অৱেশষত 49.4 অভাৰত লক্ষ্যত উপনীত হয় অষ্ট্ৰেলিয়া দলটো ৷ ইয়াৰ লগে-লগে 2-1 ৰ ব্যৱধানত তিনিখন মেচৰ এদিনীয়া শৃংখলা দখল কৰে এৰণ ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়া দলটোৱে ৷
ইয়াৰ পূৰ্বে ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 7 উইকেট হেৰুৱাই 302 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ মেচখনত ইংলেণ্ডে প্ৰথম দুটা বলতেই দুটাকৈ উইকেট হেৰুৱাইছিল যদিও জনী বেয়াৰেষ্ট’ৰ 112 ৰানৰ শতক, ছেম বিলিংছ আৰু ক্ৰীছ ৱক্ছৰ অৰ্ধশতকীয় ইনিংছৰ ফলত 300 ৰানৰ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷
মেচৰ অন্তত মেক্সৱেলক প্লেয়াৰ অফ দ্য মেচ হিচাপে ঘোষণা কৰাৰ লগতে প্লেয়াৰ অফ দ্য ছিৰিজও প্ৰদান কৰা হয় ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত টি-20 শৃংখলাত 2-1 ৰ ব্যৱধানত জয় লাভ কৰিছিল ইংলেণ্ড দলটোৱে ৷
লগতে চাওক-UAE ত আইপিএল 2020