ETV Bharat / sports

গ্ৰেগ চেপেলক মাফ নকৰে যুৱৰাজ সিঙৰ পিতৃ যুগৰাজ সিঙে

author img

By

Published : Jun 12, 2019, 7:32 PM IST

পুত্ৰ যুৱৰাজ সিঙে অৱসৰ ঘোষণা কৰাৰ পাছতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পিতৃ যুগৰাজ সিঙে । ইয়াৰ লগতে যুৱৰাজৰ কেৰিয়াৰৰ আৰম্ভণি তথা তেওঁৰ সংগ্ৰাম সম্পৰ্কেও বিভিন্ন আৱেগিক মন্তব্য কৰে পিতৃ যুগৰাজ সিঙে ।

যুৱৰাজ সিং

স্পৰ্টছ ডেস্ক, ১২ জুন : ভাৰতীয় ক্ৰিকেটৰ অন্যতম মহান তাৰকা যুৱৰাজ সিঙে অৱসৰ ঘোষণাৰ দুদিন পাছতে ক্ষোভত ভাগি পৰিছে তেওঁৰ পিতৃ তথা প্ৰাক্তন ক্ৰিকেটাৰ যুগৰাজ সিং । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি যুৱৰাজৰ পিতৃয়ে মন্তব্য কৰে যে, তেওঁ গ্ৰেগ চেপেলক কেতিয়াও মাফ নকৰে । লগতে যুগৰাজে কয় যে, তেওঁৰ পুত্ৰই খো - খো খেলাৰ সময়ত আঘাত নোপোৱা হ'লে বিশ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিব পাৰিলে হয় । খো - খো খেলি আঁঠুত আঘাত নোপোৱা হ'লে এদিনীয়া আৰু টি - ২০ ৰ সকলোবোৰ ৰেকৰ্ড পুত্ৰ যুৱৰাজৰ দখলত থাকিলে হয় বুলি যুগৰাজ সিঙে দাবী কৰে । গ্ৰেগ চেপেলৰ এই কাৰ্যৰ বাবে তেওঁক কেতিয়াও মাফ কৰিব নোৱাৰিম বুলিও যুগৰাজে জনায় ।

যুৱৰাজৰ পিতৃ যুগৰাজ সিঙৰ গুৰুতৰ অভিযোগ

উল্লেখ্য যে, ২০১১ বিশ্বকাপজয়ী ভাৰতীয় দলৰ নায়ক যুৱৰাজে সোমবাৰে ক্ৰিকেটৰ সকলো ধৰণৰ ফৰমেটৰ পৰাই অৱসৰ ঘোষণা কৰিলে । পুত্ৰৰ সৈতে কঠোৰ ব্যৱহাৰ কৰা বুলি পৰিচিত যুগৰাজে শেহতীয়াকৈ যুৱৰাজৰ সৈতে দূৰত্বৰ অন্ত পেলাই ছণ্ডীগড়ত একেলগে সময় কটাইছিল । এই সম্পৰ্কতো যুগৰাজে মন্তব্য কৰে যে, যুৱৰাজৰ সৈতে কটোৱা সেই দুটা দিন তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ দিন আছিল আৰু তেওঁলোকৰ মাজত থকা দূৰত্বৰ বিষয়েও কথা পাতিছিল । এজন মানুহ ৰূপে গঢ়াত সহায় কৰা বাবে যুৱৰাজে অৱসৰৰ সময়ত পিতৃক ধন্যবাদ জনোৱাৰ বাবে যুগৰাজে গৌৰৱ অনুভৱ কৰা বুলিও জনায় । এই কথা উল্লেখ কৰি তেওঁ পুত্ৰৰ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰো ৰোমন্থন কৰে ।

ETV BHARAT ASSAM
যুৱৰাজ সিং

পুত্ৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা সম্পৰ্কতো যথেষ্ট আৱেগিক হৈ পৰা যুগৰাজে জনাই যে, যুৱৰাজৰ কঠিন দিনকেইটাত তেওঁ অকলে এটা কোঠাত নিজকে বন্দী কৰি কান্দিছিল । সেই সময়ত যুৱৰাজে কোৱা এটা কথা মনত পেলাই তেওঁ কয় যে, যুৱৰাজৰ আশা আছিল পিতৃ আৰু দেশবাসীক বিশ্বকাপৰ ট্ৰফীটো হাতত তুলি দেখুওৱা ।

ETV BHARAT ASSAM
যুগৰাজ সিং

মৃত্যুৰ পূৰ্বে যুগৰাজ সিঙৰ মাতৃয়েও যুৱৰাজক কঠোৰ প্ৰশিক্ষণ দি বিপদলৈ ঠেলি দিয়া বুলি কৈ গৈছিল বুলি যুগৰাজ জানিবলৈ দিয়ে । ইয়াৰোপৰি, যুৱৰাজ সিং ডাঙৰ হোৱাৰ পাছতে স্কেটিং আৰু টেনিছ খেলিব বিচাৰিছিল যদিও কিদৰে তেওঁ পুত্ৰৰ ৰেকেট ভাঙি পেলাইছিল সেই ব্যক্ত কৰে । তাৰোপৰি, যুৱৰাজে পিতৃৰ ঘৰটোক এখন জেইলৰ সৈতেও তুলনা কৰিছিল আৰু যুগৰাজক 'ড্ৰেগন সিং' নামেৰে সম্বোধন কৰিছিল বুলি তেওঁ মন্তব্য কৰে । কিন্তু সেই সময়ত তেওঁ পুত্ৰৰ জৰিয়তে নিজৰ হেৰুৱা সন্মান ঘূৰাই আনিব বিচাৰিছিল বাবেই তেওঁক এইদৰে কষ্ট দিছিল বুলি আৱেগিক মন্তব্য কৰে ।

*IIT GHY TWENTY FIRST CONVOVATION* 

👉আই আই টি গুৱাহাটীৰ ২১তম দীক্ষান্ত সমাৰোহৰ সামৰণি।

👉এইবেলি মুঠ ১৩৫৪ জন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় ডিগ্ৰী।

👉২৩০ জন ছাত্ৰ-ছাত্ৰীক PhD,  ৫০৭ জন ছাত্ৰ-ছাত্ৰীক স্নাতকোত্তৰ আৰু ৬১৭ জন ছাত্ৰ-ছাত্ৰীক BTech ডিগ্ৰী প্ৰদান কৰা হয়।

👉দীক্ষান্ত সমাৰোহত মহাকাশ বিজ্ঞানী ড০ কে ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ।

👉  BTech ডিগ্ৰীধাৰী অনুপ আগৰৱালে লাভ কৰে ৰাষ্ট্ৰপতি সোনৰ পদক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.