স্পৰ্টছ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টি-২০ত অভিলেখ গঢ়াৰ সুযোগ আহি পৰিছে ৰোহিতলৈ । বেংগালুৰৰ চিন্নাস্বামী ষ্টেডিয়াম অনুষ্ঠিত হ'বলগীয়া টি-২০ মেচখনত দুটা ছয় মাৰিবলৈ সক্ষম হ'লেই ক্ৰিছ গেইল আৰু মাৰ্টন গুপ্টিলৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ব হিটেমন নামে খ্য়াত ৰোহিতে । বৰ্তমান ৰোহিতৰ নামত ১০২ টা ছয় থকাৰ বিপৰীতে যুটীয়া ভাৱে গেইল আৰু মাৰ্টিনৰ নামত আছে ১০৩ টাকৈ ছয় । এতিয়া ৰোহিত কেৱল দুটা ছয় দূৰত আটাইতকৈ বেছি টি-২০ ছিক্স লগোৱা খেলুৱৈত নিজৰ নাম খোদিত কৰিবলৈ ।
ইফালে আন্তঃৰাষ্ট্ৰীয় টি-২০ ত ৫০ টা ছয় সম্পূৰ্ণ কৰা নিচেই কাষত আছে ধোনী আৰু ক'হলি । ধোনীৰ নামত ৪৯ টা ছয় থকাৰ বিপৰীতে ক'হলিৰ নামত আছে ৪৮ টা ছয় । ভাৰতীয় খেলুৱৈ হিচাপে আটাইতকৈ বেছি ছয় লগোৱাৰ শীৰ্ষ স্থানত ৰোহিত থকাৰ বিপৰীতে ৭৪ টা ছয়ৰে দ্বিতীয়ত যুৱৰাজ সিং থকাৰ বিপৰীতে ৫৮ টা ছয়ৰে তৃতীয় স্থানত আছে সুৰেশ ৰাইনা ।