ETV Bharat / sports

বুমৰাহৰ 5 উইকেট : প্ৰথম টেষ্টত ভাৰতৰ বৃহৎ জয়

পেচাৰ জছপ্ৰীত বুমৰাহৰ 5 উইকেটৰ জৰিয়তে ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত বৃহৎ জয় সাব্যস্ত কৰিছে ৷ দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টত সোমবাৰে ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত ভাৰতে 318 ৰানৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

বুমৰাহৰ 5 উইকেট : প্ৰথম টেষ্টত ভাৰতৰ বৃহৎ জয়
author img

By

Published : Aug 26, 2019, 12:32 PM IST

স্পৰ্টছ ডেস্ক, 26 আগষ্ট : পেচাৰ জছপ্ৰীত বুমৰাহৰ 5 উইকেটৰ জৰিয়তে ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত বৃহৎ জয় সাব্যস্ত কৰিছে ৷ দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টত সোমবাৰে ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত ভাৰতে 318 ৰানৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

দ্বিতীয় ইনিংছত ভাৰতীয় দলে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই 100 ৰানত ৱেষ্ট ইণ্ডিজক বান্ধি ৰাখিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ বুমৰাহে 5 টা উইকেট দখল কৰাৰ লগতে ঈশান্ত শৰ্মাই 3 টা আৰু মহম্মদ ছামীয়ে 2 টা উইকেট দখল কৰে ৷ দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজ দলে 7.3 অ'ভাৰত 15 ৰান কৰি 5 টাকৈ উইকেট হেৰুৱায় ৷ ৰ'ষ্টন চেজ (12), কেমাৰ ৰ'ছ (38) আৰু মিগুৱেল কিউমিনছ(19) ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

প্ৰথম টেষ্টত ভাৰতৰ বৃহৎ জয়
আজিংকা ৰাহানে আৰু হনুমা বিহাৰী

ইয়াৰ পূৰ্বে ভাৰতে দ্বিতীয় ইনিংছত 343/7 ৰান সংগ্ৰহ কৰে আৰু ৱেষ্ট ইণ্ডিজক 419 ৰানৰ লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতৰ হৈ আজিংকা ৰাহানেই সৰ্বাধিক 102 ৰান আৰু হনুমা বিহাৰীয়ে 93 ৰান কৰে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ চেজে চাৰিটাকৈ উইকেট দখল কৰে ৷

প্ৰথম টেষ্টত ভাৰতৰ বৃহৎ জয়
ঈশান্ত শৰ্মা

দুয়োটা ইনিংছত 183 ৰান সংগ্ৰহ কৰা ৰাহানেই 'মেন অৱ দা মেচ'ৰ সন্মান লাভ কৰে ৷ এই জয়েৰে আইচিচি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত ভাৰতে 60 পইন্ট দখল কৰিবলৈ সক্ষম হৈছে ৷ কিংষ্টনৰ ছাবিনা পাৰ্কত আগষ্টৰ 30 তাৰিখৰ পৰা ভাৰতীয় দলে দ্বিতীয় খন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.