ETV Bharat / sports

বেটছমেনতকৈ বলাৰৰ বাবে অধিক কঠিন হ'ব প্ৰত্যাৱৰ্তন : ব্ৰেট লী - ব্ৰেট লী

দীৰ্ঘদিনৰ বিৰতিৰ পাচত পুনৰ খেল পথাৰত প্ৰত্যাৱৰ্তনৰ বাবে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বেটছমেন তথা বলাৰ উভয় পক্ষ । কিন্তু বেটছমেনতকৈ অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বলাৰ বুলি উল্লেখ কৰে ব্ৰেট লীয়ে ।

Brett Lee feels bowlers will find it more difficult to get back to rhythm

author img

By

Published : May 28, 2020, 1:09 PM IST

স্পৰ্টছ ডেস্ক, 28 মে': COVID-১৯ ৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত ক্ৰিকেট মেচক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ ব্ৰেট লীৰ । লীৰ মতে, এক দীৰ্ঘদিনৰ বিৰতিৰ পাচত ফৰ্ম ঘূৰাই অনাৰ ক্ষেত্ৰত বেটছমেনৰ তুলনাত অধিক অসুবিধাৰ সন্মুখীন হ'ব বলাৰ ।

ক্ৰিকেটাৰগৰাকীয়ে কয়, দীৰ্ঘদিনৰ বিৰতিৰ পাচত পুনৰ ক্ৰিকেটত প্ৰত্যাৱৰ্তন কৰিবলৈ মোৰ মতে কঠিন হ'ব বেটছমেন তথা বলাৰ দুয়ো উভয় পক্ষৰ বাবে । কিন্তু এই ক্ষেত্ৰত বেটছমেনৰ তুলনাত অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বলাৰ সকল । কাৰণ সচৰাচৰ এজন বলাৰক সম্পূৰ্ণ গতি লাভ কৰিবলৈ ৬ ৰ পৰা ৮ সপ্তাহৰ প্ৰয়োজন হয় । এখন টেলিভিচন অনুষ্ঠানত এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

বেটছমেনতকৈ বলাৰৰ বাবে অধিক কঠিন হ'ব প্ৰত্যাৱৰ্তন : ব্ৰেট লী

এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত এজন বলাৰক আঠ সপ্তাহৰ সময়ৰ প্ৰয়োজন হয় নিজৰ সম্পূৰ্ণ গতিত উপনীত হ'বলৈ । গতিকে এইয়া অধিক প্ৰত্যাহ্বানমূলক হ'ব বলাৰৰ বাবে বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

ইতিমধ্যে ইংলেণ্ড ক্ৰিকেট দলে নিজৰ অনুশীলন প্ৰক্ৰিয়া আৰম্ভ কৰিছে । জুন-জুলাই মাহত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট শৃংখলা অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । যদিহে এই শৃংখলা অনুষ্ঠিত হয় তেন্তে COVID-১৯ মহামাৰীৰ পাচত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ হ'ব ।

ইতিমধ্যে COVID-১৯ৰ পাচত মেচ অনুষ্ঠিত কৰাকলৈ বহু কেইটা নিয়মাৱলী জাৰি কৰিছে আইচিচিয়ে । ইয়াৰ ভিতৰত মুখ্যত হৈছে বলত চালাইভা ব্যৱহাৰত নিষেধাজ্ঞা, দৰ্শক বিহীন খেলৰ আয়োজন ইত্যাদি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.