ETV Bharat / sports

2019 বিশ্বকাপৰ চুপাৰ অভাৰৰ পূৰ্বে চিগাৰেট সেৱন কৰিছিল বেন ষ্ট’কছে - 2019 world cup super over news

ইংলেণ্ডৰ ঐতিহাসিক বিশ্বকাপ জয়ৰ এক বছৰ পাচত মৰ্গেনছ মেন: দ্য ইনচাইড ষ্ট’ৰি অফ ইংলেণ্ডছ ৰাইজ ফ্ৰম ক্ৰিকেট বিশ্বকাপ হিউমিলেচন টু গ্ল’ৰীত ফাদিল কৰিছে যে, লৰ্ডছৰ বিশ্বকাপৰ দিনটোত কিমান পৰিমাণে মানসিক চাপত আছিল বেন ষ্ট’কছ ৷

ben stokes took cigarette break before 2019 world cup super over

author img

By

Published : Jul 14, 2020, 4:46 PM IST

স্পৰ্টছ ডেস্ক, 14 জুলাইঃ 2019 চনত প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ বিশ্বচেম্পিয়ন হৈছিল ইংলেণ্ড ৷ কিন্তু ইয়াৰ এবছৰ পাচত মৰ্গেনছ মেন : দ্য ইনচাইড ষ্ট’ৰি অফ ইংলেণ্ডছ ৰাইজ ফ্ৰম ক্ৰিকেট বিশ্বকাপ হিউমিলেচন টু গ্ল’ৰী (Morgan's Men: The Inside Story of England's Rise from Cricket World Cup Humiliation to Glory) নামৰ কিতাপখনত ফাদিল কৰা হৈছে এক ৰহস্য ৷ য’ত কোৱা হৈছে ছুপাৰ অভাৰ পূৰ্বে মানসিক চাপৰ পৰা মুক্তি পাবলৈ চিগাৰেট সেৱন কৰিছিল ছুপাৰ হিৰ’ বেন ষ্ট’কছে ৷

বেন ষ্ট’কছ
বেন ষ্ট’কছ

এবছৰ পূৰ্বে বাউণ্ডেৰী নিয়মৰ অধীনত বিশ্ব চেম্পিয়ন হৈছিল ইয়ন মৰ্গান নেতৃত্বাধীন ইংলেণ্ড দলটো ৷ ফাইনেল মেচখন টাইত সমাপ্ত হোৱাত ছুপাৰ অভাৰলৈ অগ্ৰসৰ কৰা হৈছিল মেচখন ৷ কিন্তু ছুপাৰ অভাৰটো নিউজিলেণ্ড আৰু ইংলেণ্ডৰ ফাইনেল মেচখন টাইত সমাপ্ত হয় ৷ ফলত আইচিচিৰ অত্যাধিক বাউণ্ডেৰী নিয়মৰ অধীনত ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হৈছিল ৷

মৰ্গেনছ মেন : দ্য ইনচাইড ষ্ট’ৰি ফ্ৰম ইংলেণ্ড ৰাইজ অফ ক্ৰিকেট বিশ্বকাপ হিউমিলেচন টু গ্ল’ৰী কিতাপখনত সেই মেচখনত অত্যাধিক চাপত আছিল বুলি কয় ইংলেণ্ডৰ বেন ষ্ট’কছ ৷

নিক হ’ল্ট আৰু ষ্টিভ জেম্ছ দ্বাৰা লিখা কিতাপখনৰ কিছু অংশ প্ৰকাশিত হৈছে যাৰ অনুসৰি, ছুপাৰ অভাৰৰ পূৰ্বে 27,000 হাজাৰ দৰ্শকৰ মাজত আৰু চাৰিওদিশে থকা কেমাৰৰ সন্মুখত নিজান ঠাই বিচাৰি পোৱা সম্ভৱ নাছিল ৷ কিন্তু ষ্ট’কছ এই ষ্টেডিয়ামত বহু বাৰ খেলিছে যাৰ বাবে তেওঁ এই ষ্টেডিমায়ৰ সকলো বিষয়ে অৱগত ৷ যেতিয়া ইয়ন মৰ্গানে ড্ৰেচিং ৰুমত চাপ হ্ৰাস কৰাৰ চেষ্টা চলাই ৰণনীতি তৈয়াৰ কৰিছিল তেতিয়াই ষ্ট’কছে নিজৰ বাবে সময় উলিয়াইছিল বুলি কোৱা হৈছে কিতাপখনত ৷

কিতাপখনৰ মতে, ছুপাৰ অভাৰ পূৰ্বে বেটিং কৰি ষ্ট’কছ ঘাম আৰু ধূলিৰে আৱৰি পৰিছিল ৷ যাৰ বাবে তেওঁ গা ধুবলৈ যায় আৰু তাতেই চিৰাগেট সেৱন কৰি কিছু সময় নিজানত অতিবাহিত কৰে ৷ বেন ষ্ট’কছে অপৰাজিত 84 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ বিশ্বকাপৰ ফাইনেল মেচখনত মেন অফ দ্য মেচ ঘোষণা কৰা হৈছিল ষ্ট’কছক ৷ ছুপাৰ অভাৰতো গুৰুত্বপূৰ্ণ আঠ ৰান কৰিবলৈ সক্ষম হৈছিল ষ্ট’কছে ৷

লগতে চাওক-প্ৰাকৃতিক দুৰ্যোগঃ অধিক শোচনীয়ৰ হৈছে ৰাজ্যৰ বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.