ETV Bharat / sports

বেন ষ্টোকচৰ সুন্দৰ প্ৰদৰ্শনেৰে তৃতীয় এছেজত ইংলেণ্ডৰ জয় - ইংলেণ্ড দলৰ তৃতীয় এছেজ টেষ্টত জয়লাভ

বেন ষ্টোকচৰ 135 ৰানৰ সুন্দৰ ইনিংছৰ জৰিয়তে ইংলেণ্ড দলে তৃতীয় এছেজ টেষ্টত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ হেডিংলী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত মেচ খনত দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক উইকেটত জয় সাব্যস্ত কৰে দলটোৱে ৷ ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ সৈতে 1-1 ত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে ৷

বেন ষ্টোকচৰ সুন্দৰ প্ৰদৰ্শনেৰে তৃতীয় এছেজত ইংলেণ্ডৰ জয়
author img

By

Published : Aug 26, 2019, 2:52 PM IST

স্পৰ্টছ ডেস্ক, 26 আগষ্ট : বেন ষ্টোকচৰ 135 ৰানৰ সুন্দৰ ইনিংছৰ জৰিয়তে ইংলেণ্ড দলে তৃতীয় এছেজ টেষ্টত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ হেডিংলী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত মেচ খনত দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক উইকেটত জয় সাব্যস্ত কৰে দলটোৱে ৷

তৃতীয় টেষ্টৰ চতুৰ্থ দিনা ইংলেণ্ড দলে জয়ৰ বাবে 203 ৰানৰ লক্ষ্য অনুসৰণ কৰে ৷ জনী বেয়াৰষ্ট' আৰু বেন ষ্টোকচে খেলপথাৰত নামি 86 ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িবলৈ সক্ষম হয় ৷ বেয়াৰষ্ট' আউট হোৱাৰ পাছতে জ'ছ বাটলাৰ আৰু ক্ৰিছ ৱকছেও 1 ৰানকৈ সংগ্ৰহ কৰি উইকেট হেৰুৱায় ৷ ধাৰাবাহিক উইকেটৰ পতন হোৱাৰ ফলত ইংলেণ্ডৰ জয়ৰ সম্ভৱনা ক্ষীণ হৈ পৰিছিল যদিও ষ্টোকচে শক্তিশালী বেটিঙেৰে দলক জয়ৰ দিশে আগবঢ়াই নিবলৈ সক্ষম হয় ৷

বেন ষ্টোকচৰ 135 ৰান
বেন ষ্টোকচৰ সুন্দৰ প্ৰদৰ্শনেৰে তৃতীয় এছেজত ইংলেণ্ডৰ জয়

ষ্টোকচে 135 ৰান আৰু জেক লিছে 1 ৰান কৰি অপৰাজিত হৈ ৰয় ৷ অষ্ট্ৰেলিয়াৰ হৈ জ'ছ হেজেলওদে চাৰিটাকৈ উইকেট দখল কৰাৰ লগতে নাথান লিয়নে দুটা উইকেট দখল কৰে ৷

ইয়াৰ জৰিয়তে ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ সৈতে 1-1 ত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ অল্ড ট্ৰেফৰ্ডত দুয়ো দলৰ মাজত চতুৰ্থ খন টেষ্ট মেচ অনুষ্ঠিত হ'ব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.