ETV Bharat / sports

অলিম্পিক পদক বিজয়ীক সম্বৰ্দ্ধনা জনাব বিচিচিআইয়ে - ভাৰত-বাংলাদেশ টেষ্ট শৃংখলা

ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টত অলিম্পিক পদক বিজয়ী খেলুৱৈক সম্বৰ্দ্ধনা জনাব বিচিচিআইয়ে ৷ সন্মানিত কৰা হ’ব মেৰী কম, অভিনৱ বিন্দ্ৰা, পি.ভি সিন্ধুক ৷

অলিম্পিক পদক বিজয়ীক সম্বৰ্দ্ধনা জনাব বিচিচিআইয়ে
author img

By

Published : Oct 29, 2019, 10:27 PM IST

স্পৰ্টছ ডেস্ক, 29 অক্টোবৰ: অলিম্পিক পদক বিজয়ীক সম্বৰ্দ্ধনা জ্ঞাপন কৰিব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে ৷ অহা 22 নৱেম্বৰত ভাৰত-বাংলাদেশৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টত এই সন্মান প্ৰদান কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বিচিচিআইয়ে ৷ এই তালিকাত আছে অলিম্পিক পদক বিজয়ী খেলুৱৈ মেৰী কম, অভিনৱ বিন্দ্ৰা, পি.ভি সিন্ধুৰ নাম ৷ বেংগল ক্ৰিকেট এশ্ব’ছিয়েচনে জানিবলৈ দিয়া মতে, মেৰী কম, অভিনৱ বিন্দ্ৰা, পি.ভি সিন্ধুক সন্মানিত কৰাৰ লগতে অন্যান্য অলিম্পিক পদক বিজয়ী সকলোকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব ৷

কলকাতাৰ ইডেন গাৰ্ডেন
কলকাতাৰ ইডেন গাৰ্ডেন

অলিম্পিকত সোণৰ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ হৈছে অভিনৱ বিন্দ্ৰা ৷ আনহাতে ৰিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল পি.ভি সিন্ধুৱে ৷ ইপিনে 2012 লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মেৰী কমে ৷ ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা এই মেচখনত উপস্থিত থাকিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, নৱ নিযুক্ত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.