নিউজ ডেস্ক, ২ মাৰ্চ: পাকিস্তানৰ হাতৰ পৰা ৩ দিনৰ অন্তত মুক্তি লাভ কৰি ভাৰতৰ মাটিত উপস্থিত হোৱা অভিনন্দনক দেশৰ সকলো প্ৰান্তত জোৰদাৰ আদৰণি জনোৱা হৈছে । সেইদৰে ভাৰতীয় ক্ৰিকেট বৰ্ডেও অভিনন্দনক আদৰিবলৈ এক সুন্দৰ প্ৰদক্ষেপ হাতত লৈছে । বিচিচিআয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা এখন ফটোত অভিনন্দন বৰ্ধমানক সন্মান জনোৱাৰ প্ৰয়াসেৰে ভাৰতীয় ক্ৰিকেট দলৰ ১ নম্বৰ জাৰ্ছী তৈয়াৰ কৰিছে য'ত তেওঁৰ নাম সন্নিৱিষ্ট কৰা হৈছে ।
উল্লেখ্য যে, অভিনন্দন বৰ্ধমানক ২৭ ফেব্ৰ্ুৱাৰীত পাকিস্তানৰ সেনাই কৰায়ত্ত কৰাৰ পাছত কালি মুক্তি দিয়ে । ভাৰতৰ মাটিত পদাৰ্পন কৰাৰ পাছতে দেশৰ প্ৰত্যেকজন লোক আৱেগিক হৈ পৰাৰ লগতে আনন্দত মতলীয়া হৈ পৰা দেখা যায় ।