ETV Bharat / sports

প্ৰতিবাদত বাংলাদেশ ক্ৰিকেট দল, সৌৰভ গাংগুলীৰ প্ৰতিক্ৰিয়া

ভাৰত-বাংলাদেশ টি-20 শৃংখলাকলৈ বিৰাজ কৰিছে অনিশ্চয়তা ৷ বাংলাদেশ ক্ৰিকেট বৰ্ডৰ বিৰুদ্ধে সৰৱ বাংলাদেশ ক্ৰিকেট দল ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া সৌৰভ গাংগুলীৰ ৷

সমস্যা সমাধান কৰি ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশ: সৌৰভ গাংগুলী
author img

By

Published : Oct 21, 2019, 11:32 PM IST

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ: সোমবাৰৰ পৰা প্ৰতিবাদত নামিছে বাংলাদেশ ক্ৰিকেট দল ৷ 11 টা কৈ দাবী উত্থাপন কৰি বাংলাদেশ ক্ৰিকেট বৰ্ডৰ বিৰুদ্ধে প্ৰতিবাদত বহিছে বাংলাদেশ দলটো ৷ যাৰ বাবে অহা 3 নৱেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-20 শৃংখলাৰ ওপৰত নামি আহিছে অনিশ্চয়তা ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গাংগুলীয়ে কয়, এইয়া বাংলাদেশ ক্ৰিকেট দলৰ আভ্যন্তৰীণ সমস্যা, মই আশা কৰিছো অতি সোনকালেই এই সকলো সমস্যা সমাধান কৰি ভাৰত ভ্ৰমণলৈ আহিব দলটো ৷ ভাৰতৰ বিৰুদ্ধে তিনিখন টি-20 মেচত অৱতীৰ্ণ হ’ব বাংলাদেশ দলটো ৷

টি-20 শৃংখলাৰ বাবে বাংলাদেশ দলটো
টি-20 শৃংখলাৰ বাবে বাংলাদেশ দলটো

উল্লেখ্য যে, বাংলাদেশ প্ৰীমিয়াৰ লীগৰ সপ্তম সংস্কৰণৰ বেতনক লৈয়ে বৰ্ড আৰু খেলুৱৈৰ মাজত মত-বিৰোধৰ সৃষ্টি হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.