ETV Bharat / sports

প্ৰথমখন টেষ্টৰ প্ৰথমটো দিনত অৰ্ধশতক অৰ্জন বাবৰ আজমৰ - ইংলেণ্ড বনাম পাকিস্তান

ইংলেণ্ড বনাম পাকিস্তানৰ প্ৰথমখন টেষ্ট মেচৰ প্ৰথমটো দিনত পাকিস্তানী বেটছমেন বাবৰ আজমে 100 টা বলত 69 ৰাণ আৰু শ্বান মচুদে 152 টা বলত 46 ৰাণ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

Babar Azam did half century in Day 1 England vs Pakistan 1st Test
প্ৰথমখন টেষ্টৰ প্ৰথমটো দিনত অৰ্ধশতক অৰ্জন বাবৰ আজমৰ
author img

By

Published : Aug 6, 2020, 11:32 AM IST

স্পোৰ্টছ ডেস্ক, 6 আগষ্ট: বুধবাৰে ইংলেণ্ডৰ সৈতে হোৱা প্ৰথমখন টেষ্ট মেচত পাকিস্তানী বেটছমেন বাবৰ আজমে অৰ্ধশতক ৰাণ লাভ কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানে 139/2 ৰাণত টেষ্টখনৰ প্ৰথম দিনটোৰ সামৰণি পেলায় ৷ বাবৰ আজমে 100 টা বলত 69 ৰাণ আৰু শ্বান মচুদে 152 টা বলত 46 ৰাণ অৰ্জন কৰে ৷

ওল্ড ট্ৰাফ’ৰ্ডত বুধবাৰে অনুষ্ঠিত হোৱা ইংলেণ্ড বনাম পাকিস্তানৰ প্ৰথমখন টেষ্ট মেচৰ প্ৰথমটো দিনত বাবৰ আজম সকলোৰে আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰে ৷ বাবৰে অ’পেনাৰ বেটছমেন মচুদৰ সৈতে 78 ৰাণৰ পাৰ্টনাৰশ্বিপ কৰে ৷

মচুদে অ’পেনিং সহযোগী আবিদ আলী আৰু অধিনায়ক আজহাৰ আলীৰ সৈতে প্ৰথম ভাগ সম্পূৰ্ণ কৰে ৷ দুপৰীয়া ব্ৰেকৰ পাচত বাবৰ আজমে মচুদক সহযোগ কৰে ৷ বাবৰে জেমছ এণ্ডাৰছনৰ প্ৰথমটো বলতে 4 ৰাণ সংগ্ৰহ কৰে ৷

দুটা অ’ভাৰ সমাপ্ত হোৱাৰ পাচত বাবৰে মাত্ৰ 70 টা বলতে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে ৷ দ্বিতীয়টো অ’ভাৰত জোফ্ৰা আৰ্চৰে এটা বল দিয়াৰ পাচতে আম্পায়াৰে বিজুলী ঢেৰেকণিৰ বাবে খেলখন স্থগিত ৰাখিবলৈ আদেশ দিয়ে ৷ ইয়াৰ পাচতে বৰষুণৰ লগতে টি ব্ৰেকৰ আৰম্ভ হয় ৷

প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তানী বেটছমেন শ্বান মচুদ আৰু আবিদ আলীয়ে অভিজ্ঞতাসম্পন্ন ব্ৰিটিছ বলাৰ জেমছ এণ্ডাৰছন আৰু ষ্টুৱাৰ্ড ব্ৰ’ডৰ প্ৰতি থকা শংকাও দূৰ কৰি দিয়ে ৷

বুধবাৰৰ দিনটোত পাকিস্তানে 139/2 ৰাণত থকাৰ বিপৰীতে বাবৰ আজমে 69* আৰু মচুদে 46* ৰাণত ব্ৰতী থাকে ৷ আনহাতে, ইংলেণ্ডৰ ফাৰ্ষ্ট বলাৰ ক্ৰীছ ৱক্সে 1/14ত বলিং সমাপ্ত কৰে ৷

লগতে পঢ়ক: আইপিএল 2020 : বিচিচিআইক সমালোচনা সৰ্বভাৰতীয় ব্যৱসায়িক সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.