ETV Bharat / sports

এছেজ শৃংখলাঃ চতুৰ্থখন টেষ্টত জয় লাভ অষ্ট্ৰেলিয়াৰ - এছেজ শৃংখলা

এছেজ শৃংখলাৰ চতুৰ্থখন টেষ্টত 186 ৰানত পৰাস্ত ইংলেণ্ড ৷ ইংলেণ্ডক পৰাস্ত কৰি এছেজ শৃংখলা ধৰি ৰাখিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াই ৷

এছেজ শৃংখলাঃ চতুৰ্থখন টেষ্টত জয় লাভ অষ্ট্ৰেলিয়াৰ
author img

By

Published : Sep 8, 2019, 11:42 PM IST

স্পৰ্টছ ডেস্ক, 8 ছেপ্তেম্বৰঃ মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ 186 ৰানত পৰাস্ত ইংলেণ্ড ৷ ইংলেণ্ডক পৰাস্ত কৰি পুনৰ এছেজ নিজৰ অধীনত ৰাখিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াই ৷ চতুৰ্থখন টেষ্টৰ অন্তিমটো দিনত 83 টা বল বাকী থকাত জয়ী হয় অষ্ট্ৰেলিয়া ৷ মেচখনত 384 ৰান লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াই ৷ দ্বিতীয়খন ইনিংছত 197 ৰানত অল আউট হয় ইংলেণ্ড ৷ ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই 8 উইকেটৰ বিনিময়ত 497 ৰান কৰি প্ৰথম ইনিংছ ঘোষণা কৰিছিল ৷ অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভ স্মিথে সৰ্বাধিক 211 ৰান কৰাৰ বিপৰীতে মাৰনুছ লাবুচেন, টিম পেইন আৰু মিটচেল ষ্ট্ৰাকে অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ৷

এছেজ শৃংখলাঃ চতুৰ্থখন টেষ্টত জয় লাভ অষ্ট্ৰেলিয়াৰ
এছেজ শৃংখলাঃ চতুৰ্থখন টেষ্টত জয় লাভ অষ্ট্ৰেলিয়াৰ

ইয়াৰ প্ৰত্যুত্তৰত ৰৰী বাৰ্নাছৰ 81 আৰু জু ৰুটৰ 71 ৰানৰ বিনিময়ত 301 ৰান কৰি অল আউট হয় ইংলেণ্ড ৷ অষ্ট্ৰেলিয়াৰ হৈ জছ হেজেলৱুডে 4 টা, মিটচেল ষ্ট্ৰাক আৰু পেট কামিংন্সে 3 টাকৈ উইকেট দখল কৰে ৷

ইয়াৰ পাচত অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত 6 উইকেটৰ বিনিময়ত 186 ৰান কৰি ইনিংছ ঘোষণা কৰি 384 ৰান লক্ষ্য বান্ধি দিছিল ইংলেণ্ডক ৷ এই লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ইংলেণ্ডে চতুৰ্থ দিনৰ অন্তত দুই উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 18 ৰান ৷ পঞ্চম দিনা সম্পূৰ্ণ দলটো 197 ৰান কৰি আউট হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয় ইনিংছত পেট কামিংন্সে 4 টা উইকেট ল’বলৈ সক্ষম হৈছে ৷ আনহাতে জছ হেজলৱুড আৰু নাথান লায়নে 2 টাকৈ আৰু মিটচেল ষ্ট্ৰাক আৰু মাৰনুছ লাবুচেনে 1 টা 1 টা কৈ উইকেট দখল কৰে ৷

ইংলেণ্ডৰ হৈ সৰ্বাধিক 53 ৰানৰ বৰঙণি আগবঢ়ায় জু ডেনলীয়ে ৷ এই জয়েৰে এছেজ শৃংখলা নিজৰ অধীনত ৰাখিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াই ৷ অন্তিমখন তথা পঞ্চমখন টেষ্ট মেচ অনুষ্ঠিত হ’ব 12 ছেপ্তেম্বৰত ৷ 2-1 ৰে শৃংখলাত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ ৷

OWN - INMAGE
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.