স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰঃ সোমবাৰে 2-2 ব্যৱধানত অন্ত পৰিল 2019 বৰ্ষৰ এছেজ টেষ্ট শৃংখলা ৷ পঞ্চমখন টেষ্টত 135 ৰানত পৰাস্ত হ’লেও এছেজ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে কেংগাৰু বাহিনীয়ে ৷ এই শৃংখলাৰ অন্ত পৰাৰ পাচতেই ৰিকী পণ্টিঙৰ মন্তব্য,
''অষ্ট্ৰেলিয়াই এই শৃংখলাক জয়ৰ সুযোগ হেৰুৱাৰ দৃষ্টিৰে চাব লাগে ৷ অষ্ট্ৰেলিয়া দলটো নিশ্চিত ভাৱে শ্ৰেষ্ঠ দল হিচাপে অৱতীৰ্ণ হৈছে শৃংখলাত ৷ কিন্তু হেডিংলী টেষ্টত জয় লাভ কৰিব লাগিছিল দলটোৱে ৷ অৱশ্যে হেডিংলী টেষ্টত যদিহে বেন ষ্টক্ছৰ কেট্ছটো ৱাৰ্ণাৰে ধৰিবলৈ সক্ষম হ’ল হয় তেন্তে মেচৰ খন পৰিণাম বেলেগেই হ’ল হয় বুলি কয় পণ্টিঙে ৷''
ইপিনে টিম পেনৰ সন্দৰ্ভতো পণ্টিঙে মত প্ৰকাশ কৰে যে, টিম পেইনৰ নেতৃত্বত অষ্ট্ৰেলিয়াই যদিও শৃংখলা জয় কৰিবলৈ সক্ষম নহ’ল কিন্তু টিম পেইনৰ চেষ্টা প্ৰশংসনীয় আছিল ৷ অষ্ট্ৰেলিয়া দলটোৱে বিগত পাঁচ মাহত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি কয় প্ৰাক্তন অধিনায়কগৰাকীয়ে ৷
![অষ্ট্ৰেলিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4458245_g.jpg)