স্পৰ্টছ ডেস্ক, 25 নৱেম্বৰ : অষ্ট্ৰেলিয়াৰ মুখ্য প্ৰশিক্ষক জাষ্টিন লেংগাৰে বুধবাৰে কয় যে, ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ আগন্তুক ছিৰিজত তিৰস্কাৰ আৰু ঠাট্টা-মস্কৰাৰ কোনো স্থান নাই ৷ তেওঁ আশা কৰিছে যে, প্ৰায় সম পৰ্যায়ৰ দুয়ো দলৰ মাজত বহু পৰিমাণৰ ধেমালি-চুপতিৰহে স্থান আছে ৷
এসময়ত আক্ৰমণাত্মক খেলুৱৈ হিচাপে পৰিচিত লেংগাৰে কয় যে, যোৱা কিছু বছৰত খেলপথাৰৰ বাহিৰত আৰু ভিতৰত অষ্ট্ৰেলিয়া দলৰ ব্যৱহাৰত বহু পৰিৱৰ্তন আহিছে ৷
যোৱা কিছু বছৰত 'জয়ৰ বাবে যিকোনো কৰিবলৈ সাজু' ব্যৱহাৰৰ বাবে অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে বহু সমালোচনাৰ সন্মুখীন হৈছে ৷ সেয়েহে দলটোৰ ব্যৱহাৰ আৰু নীতি-আদৰ্শৰ ওপৰত কিছু পৰ্যালোচনা কৰা হৈছে ৷
শুকুৰবাৰৰ প্ৰথমখন এদিনীয়াৰ আৰম্ভণিৰ পূৰ্বে লেংগাৰে সংবাদ মাধ্যমক জনায়, "অষ্ট্ৰেলিয়ালৈ আহিবলৈ খেলুৱৈসকলে ভয় খায় বুলি কোৱা যায়, মই নাজানো এয়া শ্লেজিঙৰ বাবে নে কিয় ৷ এয়া এই কাৰণেও হ'ব পাৰে যে, তেওঁলোকে এটা অতি শক্তিশালী দলৰ বিৰুদ্ধে যুঁজিবৰ বাবে আহি আছে ৷"
তেওঁ কয়, "শ্বেন ৱাৰ্ণ, গ্লেন মেকগ্ৰাথ, ষ্টিভ স্মিথ, আদাম গীলখ্ৰীষ্ট অথবা ৰিকী পন্টিঙৰ বিৰুদ্ধে খেলিবলৈ সকলোৱে ভয় খায় ৷ যোৱা কিছু বছৰত আমাক প্ৰত্যক্ষ কৰাসকলে দেখা পাইছে যে, খেলপথাৰৰ ভিতৰ আৰু বাহিৰত আমি ব্যৱহাৰৰ পৰিৱৰ্তন কৰিছো ৷ তিৰস্কাৰ অথবা শ্লেজিঙৰ কোনো স্থান নাই ৷ প্ৰতিযোগিতামূলক ভাৱে আমি ধেমালি-চুপতিহে কৰো ৷"
লগতে পঢ়ক : ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণঃকাৰ্তিক ত্যাগীক বলিং টিপছ প্ৰদান বুমৰাহৰ