ETV Bharat / sports

প্ৰথম দুখন টেষ্টৰ পৰা বাহিৰ ইশান্ত, ৰোহিত : সূত্ৰ - এডিলেইড

এডিলেইডত 17 ডিচেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ'বলগা চাৰিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখনৰ পৰা বাহিৰ হৈছে ইশান্ত শৰ্মা আৰু ৰোহিত শৰ্মা ৷ এক বিশেষ সূত্ৰই প্ৰদান কৰিছে এই তথ্য ৷

Ishant, Rohit ruled out of first two Tests
প্ৰথম দুখন টেষ্টৰ পৰা বাহিৰ ইশান্ত, ৰোহিত
author img

By

Published : Nov 24, 2020, 7:01 PM IST

স্পৰ্টছ ডেস্ক, 24 নৱেম্বৰ : এডিলেইডত 17 ডিচেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ'বলগা চাৰিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখনৰ পৰা বাহিৰ হৈছে ইশান্ত শৰ্মা আৰু ৰোহিত শৰ্মা ৷ এক বিশেষ সূত্ৰই প্ৰদান কৰিছে এই তথ্য ৷

ESPNcricinfo এ মন্তব্য কৰা অনুসৰি, অন্তিম দুখন মেচত দুয়োগৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণ সম্পৰ্কত বিচিচিআইয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ বিচিচিআইৰ এক সূত্ৰই ESPNcricinfo ক জনোৱা অনুসৰি, "টি-20 মেচত চাৰি অ'ভাৰৰ বলিং ইশান্তে কৰিব পাৰিব কিন্তু টেষ্ট মেচত বলিঙৰ বাবে তেওঁৰ ফিটনেছ উভতাই আনিবৰ বাবে চাৰি সপ্তাহৰ প্ৰয়োজন হ'ব ৷"

আনহাতে, সদ্যসমাপ্ত আইপিএলত আঘাতপ্ৰাপ্ত হোৱা ৰোহিত নেশ্যনেল ক্ৰিকেট একাডেমীত (NCA) চিকিৎসাধীন হৈ আছে ৷ বেটছমেনজন প্ৰায় আৰোগ্য হৈ উঠা বুলি জানিব পৰা গৈছে ৷ চূড়ান্ত পৰীক্ষাৰ অন্তত সকলো ঠিকে থাকিলে তেওঁ ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব পাৰিব ৷

দেওবাৰে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কৈছিল যে, ৰোহিত আৰু ইশান্তে টেষ্ট ছিৰিজত অংশগ্ৰহণ কৰিবলৈ হ'লে অহা চাৰি/পাঁচ দিনৰ ভিতৰত অষ্ট্ৰেলিয়ালৈ উৰা মাৰিব ৷

ABC Sport ক শাস্ত্ৰীয়ে জনাইছিল, "NCA ত ৰোহিতৰ পৰীক্ষা চলি আছে আৰু কিমানদিন তেওঁ আৰাম কৰিব লাগে সেই কথা তেওঁলোকে নিৰ্ধাৰণ কৰিব ৷ কিন্তু তেওঁক অধিক সময়ৰ বাবে তাত থাকিবলৈ ক'লে কঠিন হৈ পৰিব আৰু লগতে কোৱাৰিন্টিনৰ কথাও আছে সেয়েহে তেওঁ টেষ্ট ছিৰিজৰ বাবে সময়ত উপস্থিত হ'ব নোৱাৰিবও পাৰে ৷"

লগতে পঢ়ক : ডেনিল মেডভেডেভৰ দখলত এটিপি ফাইনেলছৰ খিতাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.