শিৱসাগৰ, ৭ মাৰ্চঃ শিৱসাগৰ দৰবাৰ খেল পথাৰত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । খেলৰ নামত আয়োজকৰ চুড়ান্ত গাফিলতিত ক্ষুব্ধহৈ পৰে বিভিন্ন দলৰ খেলুৱৈ । অৱশ্যে আৰক্ষীৰ হস্তক্ষেপতৰণক্ষেত্ৰ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল খেলপথাৰ । খেলৰ নামত হোৱা সস্তীয়া ৰাজনীতিৰ বাবে অসম ক্ৰিকেট সন্থাৰ সন্মানীয় প্ৰিমিয়াৰ লীগৰ বাতিল হ'ল চূড়ান্ত খেলখন । ক্ষুব্ধ খেলুৱৈৰ প্ৰতিবাদত খেল পথাৰত অচলাৱস্থা ।
অসম প্ৰিমিয়াৰ ক্ৰিকেট ক্লাৱলীগৰ বৃহস্পতিবাৰে আছিল চূড়ান্ত খেল । কিন্তু অনুষ্ঠিতনহ'ল ফাইনেল খেলখন । অভিযোগ উঠিছে আয়োজক কমিটিৰ ওপৰত পক্ষপাত কৰাৰ । যাৰ বাবে সৃষ্টি হয় খেল পথাৰত উত্তপ্ত পৰিস্থিতিৰ ।
আজি চূড়ান্ত খেলখনত সম সমৰত নামিব আছিল গায়নজ (gyenz) আৰু ফিনিক্স ক্লাৱৰ দলটো । কিন্তু আয়োজক সমিতিয়ে শেষ মুহূৰ্তত চূড়ান্ত খেল খেলৰ পৰা গায়নজ দলক বঞ্চিত কৰি 'ক্ৰিকেট ক্লাৱ অফ শিৱসাগৰ' নামৰ দলটোক অংশগ্ৰহণ কৰাৰ অনুমতি দিয়াৰ পাচতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । আয়োজক শিৱসাগৰ ক্ৰীড়া সন্থাই পক্ষপাত দুষ্ট সিদ্ধান্ত লোৱা বুলি বঞ্চিত গায়নজ দলৰ খেলুৱৈ সকলে অভিযোগ কৰে ।
প্ৰতিযোগিতাৰ নীতি নিয়ম আগতীয়াকৈ কোনো দলকে নিদিয়া আয়োজকে পক্ষপাতমূলক সিদ্ধান্ত গ্ৰহণ কৰি কেতবোৰ অদ্ভূত চৰ্তৰে গায়নজ দলক বঞ্চিত কৰাৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰি চূড়ান্ত খেল অনুষ্ঠিত হোৱাত বাধা প্ৰদান কৰে গায়নজ দলৰ খেলুৱৈ সকলে ।
ইপিনে আম্পায়াৰৰ লগতে টুৰ্ণামেণ্টটোত অতি নিম্ন মানৰ বল ব্যৱহাৰৰো অভিযোগ তুলে খেলুৱৈসকলে । প্ৰতিযোগিতাৰ বাবে কেইবা লাখ টকা আৱন্টন দিয়াৰ পাচতো আয়োজকৰ সস্তীয়া ক্ৰিকেট ৰাজনীতিটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে । উল্লেখ্য যে, কেতবোৰ টকা লোভীয়া ৰাজনৈতিক পদলেহনকাৰীৰ উপদ্ৰৱৰ পৰা ক্ৰিকেটক ৰক্ষা নকৰিলে অনাগত দিনত অসম ক্ৰিকেট যে সংকটত পৰিব সেই কথা নিশ্চিত ।