ETV Bharat / sports

কোনো ক্ৰিকেটাৰেই বলাৰ হ'ব নোখোজেঃ আশ্বিন

author img

By

Published : Jun 24, 2019, 3:31 PM IST

ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ ৰবিচন্দ্ৰন আশ্বিনে এক সাক্ষাৎকাৰত অংশ লৈ বলাৰ সন্দৰ্ভত ক’লে বলাৰ হোৱাটো হৈছে শ্ৰমিক শ্ৰেণী ৷ যাৰ বাবে সকলো খেলুৱৈয়ে বেটছমেন হ’বলৈ ইচ্ছা প্ৰকাশ কৰে ৷

বলাৰ হ’ব নোখোজে কোনেও ! কিয় এনেকৈ ক’লে আশ্বিনে ?

স্পৰ্টছ ডেস্ক, 24 জুনঃ ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অন্যতম সৰ্বশ্ৰেষ্ঠ বলাৰ আশ্বিনে এটা ইউটিউব চেনেলত সাক্ষাৎকাৰ প্ৰদান কৰি ক্ৰিকেটৰ লগতে জড়িত বহু কথা উল্লেখ কৰে ৷ আশ্বিনে ক’লে,কোনো খেলুৱৈয়ে প্ৰাৰম্ভিক অৱস্থাত বলাৰ হ’ব নোখোজে ৷ এই সন্দৰ্ভত অনিল কুম্বলেই তেওঁক কৈছিল সদায় নিজৰ কৰ্মৰে মানুহৰ চিন্তাধাৰা ভুল প্ৰতিপন্ন কৰা আৰু মানুহৰ মাজত প্ৰেৰণা জগাবলৈ চেষ্টা কৰিব লাগে ৷ আশ্বিনৰ ইচ্ছা সকলো লোকে জানক যে বলাৰ হোৱাত একো অসুবিধা নাই ৷ ইয়াৰ লগতে তেওঁ কয় বেটছমেন হৈছে ফাষ্ট ক্লাছ আৰু বলাৰ হৈছে লেবাৰ ক্লাছ ৷

etv
বলাৰ হ’ব নোখোজে কোনেও : আশ্বিন

উল্লেখ্য যে,আশ্বিনে প্ৰথমে টেনিছ খেলি ভাল পাইছিল বুলিও জানিবলৈ দিয়ে ৷ তামিলনাডুৰ খেলুৱৈগৰাকীয়ে 2010 চনত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত পদাৰ্পণ কৰিছিল ৷ ইয়াৰ এবছৰ পিচতেই টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল আশ্বিনৰ ৷ বৰ্তমান তেওঁৰ নামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আছে 550 টা উইকেট ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.