স্পৰ্টছ ডেস্ক, 14 আগষ্টঃ ক্ৰিকেটৰ মক্কা নামে খ্যাত লণ্ডনৰ লৰ্ডছ ষ্টেডিমায়ত বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এছেজ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ ৷ ভাৰতীয় সময় অনুসৰি বিয়লি 3.30 বজাত অনুষ্ঠিত হ'ব এই হাই ভল্টেজ দ্বিতীয়খন টেষ্টৰ প্ৰথমটো দিনৰ ৷ এই মেচখনত ঘৰুৱা দলটোৰ ওপৰত থাকিব কিছু মানসিক হেঁচা ৷ কাৰণ পাঁচ মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত ঘৰুৱা সমৰ্থকৰ সন্মুখত ইংলেণ্ডৰ লক্ষ্য হ'ব শৃংখলাত সমতা স্থাপন কৰাৰ ৷
বাৰ্মিংহামত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত 251 ৰানত পৰাজয়ৰ সন্মুখীন হৈছিল ইংলেণ্ড দলটো ৷ প্ৰথমখন টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে ৷ ইপিনে দ্বিতীয়খন টেষ্টৰ বাবে অষ্ট্ৰেলিয়া দলত অন্তৰ্ভূক্ত হৈছে দ্ৰুতবেগী বলাৰ মিটচেল ষ্ট্ৰাকৰ নাম ৷ আনহাতে ইংলেণ্ডৰ বাবে আন এক চিন্তাৰ কাৰণ হৈছে অলৰাউণ্ডাৰ মইন আলীৰ অনুপস্থিতি ৷