স্পৰ্টছ ডেস্ক, 18 আগষ্টঃ লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত চলি আছে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট ৷ চতুৰ্থ দিনৰ খেলৰ অন্তত ইংলেণ্ডে দ্বিতীয় ইনিংছত সংগ্ৰহ কৰিছে 4 উইকেটৰ বিনিময়ত 96 ৰান ৷ বৰ্তমান ক্ৰীজত বৰ্তি আছে বেন ষ্টক্ছ (16) আৰু জছ বাটলাৰ (10)৷ ইংলেণ্ডৰ হৈ দ্বিতীয় ইনিংছত ৰৰী বাৰ্নাছে 29, জেছন ৰয়ে 2, জ’ ৰুট 0, জ’ ডেনলী 26 ৰান কৰি পেভিলিয়নমুখী হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্স আৰু পিটাৰ ছিডেলে 2-2 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে অষ্ট্ৰেলিয়াই নিজৰ প্ৰথম ইনিংছত 250 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ইংলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল 258 ৰান ৷
এছেজ শৃংখলাঃ ইংলেণ্ডৰ 104 ৰানৰ অগ্ৰগতি - ইংলেণ্ড
এছেজ শৃংখলাৰ দ্বিতীয়খন টেষ্টত চতুৰ্থ দিনৰ অন্তত 104 ৰানৰ অগ্ৰগতি লাভ ইংলেণ্ডৰ ৷ দিনৰ খেলৰ অন্তত 4 উইকেটৰ বিনিময়ত 94 ৰান সংগ্ৰহ ইংলেণ্ডৰ ৷