নিউজ ডেস্ক, 30 মাৰ্চ: ভাৰতৰ সবাতোকৈ সফল অধিনায়ক সকলৰ ভিতৰত এজন হ'ল মহেন্দ্ৰ সিং ধোনী ৷ হয়তো ধোনীয়ে কেতিয়াও ভবা নাছিল যে সময়ৰ সোঁতত তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ সকলৰ শাৰীত স্থান পাব ৷ এখন সৰু চহৰ ৰাঁচীৰ পৰা অহা মহেন্দ্ৰ সিং ধোনীয়ে কেতিয়াও ধনৰ লোভত দৌৰি ফুৰা নাই ৷ এই কথা পোহৰলৈ আনে ধোনীৰ একালৰ সতীৰ্থ ক্ৰিকেটাৰ ৱাচিম জাফৰে ৷ ক্ৰিকেটৰ পৰা সন্ন্যাস লোৱা জাফৰে ধোনীৰ লগত জড়িত পুৰণি স্মৃতি সমূহ উল্লেখ কৰে ৷ যিজনে এটা সময়ত ধোনীৰ সৈতে ড্ৰেচিং ৰূম একেলগে শোৱনি কৰিছিল ৷ দৰাচলতে জাফৰে টুইটাৰত নিজৰ অনুগামী সকলৰ প্ৰশ্নোত্তৰত এই কথা ব্যক্ত কৰে ৷
টুইটাৰতে এজন অনুগামীয়ে জাফৰক ধোনীৰ লগত যিকোনো পুৰণি স্মৃতি জানিবলৈ ইচ্ছা প্ৰকাশ কৰি প্ৰশ্ন কৰিছিল ৷ তেতিয়াই ৱাচিমে মাহি সন্দৰ্ভত পোহৰলৈ আনে কোনেও নজনা কিছুুমান আমোদজনক তথ্য ৷
2007 চনৰ টি-20 বিশ্বকাপ আৰু 2011 চনৰ এদিনীয় বিশ্বকাপ খিতাপ লাভ কৰা ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্বত আছিল ধোনী ৷ ইতিমধ্যে বিশ্ব ক্ৰিকেটত এজন প্ৰতিষ্ঠিত খেলুৱৈ হিচাপে খ্যাতি লাভ কৰিছে ধোনীয়ে ৷ কিন্তু জাফৰে কয়, ধোনীয়ে ক্ৰিকেট খেলি কেৱল 30 লাখ টকা উপাৰ্জন কৰি নিজ চহৰত গৈ শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব বিচাৰিছিল ৷

জাফৰে টুইটাৰ হেণ্ডেলত উত্তৰত কয়, "ভাৰতীয় দলত নিজৰ প্ৰথম বা দ্বিতীয় বৰ্ষত, মোৰ মনত আছে যে তেওঁ (ধোনীয়ে) কৈছিল যে, তেওঁ ক্ৰিকেট খেলি কেৱল 30 লাখ টকা উপাৰ্জন কৰিব বিচাৰিছিল, যাতে তেওঁ শান্তিপূৰ্ণ জীৱন জীয়াই থাকিব পাৰে"৷
জাফৰে লগতে কয়, দলত ধোনীৰ উপস্থিতিয়ে কে.এল ৰাহুলৰ চাপ বহু পৰিমাণে লাঘৱ কৰিব ৷ ৰাহুল আৰু পন্ত দুয়ো খেলুৱৈয়ে বৰ্তমান সীমিত অভাৰত উইকেট কীপাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ আছে ৷
যদিহে ধোনী সম্পূৰ্ণ সুস্থ আৰু ফৰ্মত আছে ৷ তেন্তে উইকেটৰ পিচত আৰু মধ্যক্ৰম বেটিঙৰ বাবে এজন উপযুক্ত খেলুৱৈ হিচাপে বিবেচিত হ’ব ধোনী বুলি উল্লেখ কৰে জাফৰে ৷
উল্লেখ্য যে, শেষ বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 2019 বিশ্বকাপৰ ছেমিফাইনেলত অৱতীৰ্ণ হৈছিল ধোনী ৷ ইয়াৰ পাচৰ পৰাই দলত প্ৰত্যাৱৰ্তন হোৱা নাই মহেন্দ্ৰ সিং ধোনীৰ ৷ আনহাতে এই বৰ্ষৰ বিচিচিআইৰ বাৰ্ষিক সূচীৰ পৰাও ধোনীৰ নাম প্ৰত্যাহাৰ কৰা হৈছিল ৷ 2019 চনৰ অক্টোবৰ মাহৰ পৰা 2020 ৰ ছেপ্তেম্বৰ মাহলৈ ঘোষণা কৰা হৈছিল এই কেন্দ্ৰীয় বাৰ্ষিক সূচী ৷
COVID-19ৰ বিৰুদ্ধে যুঁজিবৰ বাবে সমৰ্থনৰ প্ৰতিশ্ৰুতি ভাৰতীয় অলিম্পিক সংন্থাৰ