ETV Bharat / sports

অষ্ট্ৰেলিয়াক ১৯১ ৰানৰ টাৰ্গেট ভাৰতৰ - 191 Run target

ক'হলিৰ বিস্ফোৰক অৰ্ধশতক

১৯১ ৰানৰ টাৰ্গেট অষ্ট্ৰেলিয়াক
author img

By

Published : Feb 27, 2019, 9:38 PM IST

স্পৰ্টছ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা দ্বিতীয়খন টি-২০ত ১৯১ ৰানৰ লক্ষ্য় অষ্ট্ৰেলিয়াক । মেচখনত অষ্ট্ৰেলিয়া দলটোৱে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । অষ্ট্ৰেলিয়াৰ সিদ্ধান্ত মৰ্মে প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৱে সুন্দৰ আৰম্ভণিৰে প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰে ৬১ ৰান । ৪৭ ৰান কৰিপেভিলিয়নমুখী হয় কে.এল ৰাহুল । ইয়াৰ পাচত শিখৰ ধাৱন আৰু ঋষভ পন্তৰ উইকেট ভাৰতে অতি সোনকালে হেৰুৱায় যদিও অধিনায়ক ক'হলি আৰু ধোনীয়ে ভাৰতীয় দলক স্থিৰতা প্ৰদান কৰি ১৯০ ৰান স্কৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় । ২৩ টা বলত ৪০ ৰান কৰি ধোনী আউট হোৱাৰ বিপৰীতে ৩৮ বলত অপৰাজিত ৭২ ৰান কৰিবলৈ সক্ষম হয় ক'হলিয়ে । ইপিনে এই মেচতেই নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৫০ টা ছয় সম্পূৰ্ণ কৰেক'হলি আৰু ধোনীয়ে । ক'হলিৰ ইনিংছত ৬ টা ছয় থকাৰ বিপৰীতে ধোনীৰ ইনিংছত থাকে ৩ টা ছয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.