ETV Bharat / sports

Asian Games 2023 : বিচিচিআইৰ বৃহৎ ঘোষণা, এছিয়ান গেমছ খেলিব ভাৰতীয় ক্ৰিকেট দলে

বিচিচিআইয়ে ভাৰতীয় পুৰুষ আৰু মহিলা ক্ৰিকেট দল সন্দৰ্ভত বৃহৎ সিদ্ধান্ত লৈছে । দুয়োটা দলে অংশ ল'ব এছিয়ান গেমছ-২০২৩ত । এইবাৰ এছিয়ান গেমছ চীনৰ হাংঝৌত অনুষ্ঠিত হ'ব ।

Asian Games 2023
এছিয়ান গেমছ খেলিব ভাৰতীয় ক্ৰিকেট দলে
author img

By

Published : Jun 24, 2023, 1:49 PM IST

নেশ্যনেল ডেস্ক,২৪ জুন : এই বছৰৰে শেষৰফালে চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত হ'ব এছিয়ান গেমছ ২০২৩ । ইয়াৰ পূৰ্বে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ গুৰুত্বপূৰ্ণ ঘোষণা । বিচিচিআইয়ে এইবাৰ ভাৰতীয় পুৰুষ আৰু মহিলা ক্ৰিকেট দলক এছিয়ান গেমছলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে । এই প্ৰতিযোগিতাখনত, ক্ৰিকেট প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ'ব ।

লক্ষণীয় কথাটো হ'ল যে চীনত এছিয়ান গেমছ চলি থকাৰ সময়তে ভাৰতত এদিনীয়া বিশ্বকাপ ২০২৩ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বিচিচিআইয়ে এনে পৰিস্থিতিত পুৰুষৰ ভাৰতীয় দলটোক কেনেকৈ এছিয়ান গেমছৰ বাবে প্ৰেৰণ কৰিব ?

এনে পৰিস্থিতিত, বিচিচিআইয়ে পুৰুষৰ বি ক্ৰিকেট দলক এছিয়ান গেমছ ২০২৩ত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰিব । খবৰ অনুসৰি বিচিচিআইয়ে এছিয়ান গেমছৰ বাবে চীনলৈ মুখ্য মহিলা খেলুৱৈৰ এটা শক্তিশালী দল প্ৰেৰণ কৰিব । চীনত এছিয়ান গেমছ টুৰ্ণামেণ্ট ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু ৮ অক্টোবৰলৈ চলিব । ইফালে এদিনীয়া বিশ্বকাপ ২০২৩ অহা ৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । কিন্তু ৩০ জুনৰ পূৰ্বে, বিচিচিআইয়ে চীনত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত খেলিব পৰা খেলুৱৈসকলৰ তালিকা প্ৰস্তুত কৰি প্ৰেৰণ কৰিব ।

উল্লেখ্য যে বিচিচিআইয়ে ২০১০ আৰু ২০১৪ চনত অনুষ্ঠিত এছিয়ান গেমছৰ বাবে ভাৰতীয় দল প্ৰেৰণ কৰা নাছিল । আনহাতে এই দুবছৰত এছিয়ান গেমছত ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল যদিও বিচিচিআইয়ে ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ এটাকো প্ৰেৰণ কৰা নাছিল । এইবাৰ পুনৰ চীনত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছ টুৰ্ণামেণ্টত ক্ৰিকেটৰ শিতান অন্তৰ্ভুক্ত কৰা হৈছে ।

একে সময়তে, ক্ৰিকেটৰ শিতান ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । ইয়াৰ উপৰিও, যোৱা বছৰ ২০২২ চনত ইংলেণ্ডত কমনৱেলথ গেমছ আয়োজন কৰা হৈছিল । ভাৰতীয় মহিলা ক্ৰিকেট দলে কমনৱেলথ টুৰ্ণামেণ্টত সুন্দৰ প্ৰদৰ্শন কৰিছিল । ভাৰতীয় মহিলা দলে ফাইনেলত প্ৰৱেশ কৰিছিল । কিন্তু এই খেলখনত ভাৰতীয় দলটো অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হয় । ভাৰতে এই প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক :India Tour to WI : ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় টেষ্ট দল ঘোষণা; দলত গায়কোৱাড়-জয়ছোৱাল, বাদ পূজাৰা-ছামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.