ETV Bharat / sports

Andrew Symonds passes away : পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমনছে

বিগত মাৰ্চ মাহত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণ আৰু ৰড মাৰ্ছৰ মৃত্যুৰ পিছত পুনৰায় আহিল এই দুঃখবৰ ৷ পথ দুৰ্ঘটনাত আকস্মিক মৃত্যুক আঁকোৱালি লোৱা এণ্ড্ৰিউ ছাইমনছ(Andrew Symonds passes away) হৈছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতৰ তৃতীয়গৰাকী কিংবদন্তি । মৃত্যুৰ সময়ত ক্ৰিকেটাৰগৰাকীৰ বয়স আছিল 46 বছৰ ৷

author img

By

Published : May 15, 2022, 9:43 AM IST

Andrew Symonds passes away
পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমনছে

ইণ্টাৰনেশ্যনেল ডেস্ক, 15 মে’: শনিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতৰ তাৰকা ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমনছে(Andrew Symonds passes away) ৷

কুইন্সলেণ্ড আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, কুইন্সলেণ্ডৰ এলিচ ৰিভাৰ ব্ৰীজৰ সমীপৰ হাৰ্ভি ৰেঞ্জ ৰোডত ৪৬ বছৰীয়া অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীৰ বাহনখন দুৰ্ঘটনাত পতিত(Andrew Symonds dies in car crash) হয় ৷ বাহনখনত থকা ক্ৰিকেটাৰগৰাকীৰ থিতাতে মৃত্যু ঘটে ৷ যি অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷ বিগত মাৰ্চ মাহত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণ আৰু ৰড মাৰ্ছৰ মৃত্যুৰ পিছত ছাইমনছৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে দেশখনৰ সমগ্ৰ ক্ৰিকেটপ্ৰেমীক ৷

ছাইমনছৰ মৃত্যুত বহু অনুৰাগীয়ে টুইটযোগে শোক প্ৰকাশ কৰে ৷ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট প্ৰশিক্ষক আৰু প্ৰাক্তন ক্ৰিকেটাৰ জেচন নীল গিলেস্পীয়ে ছাইমনছৰ মৃত্যুৰ বাতৰিত শোক প্ৰকাশ কৰে । প্ৰাক্তন সতীৰ্থ আডাম গিলক্ৰিষ্টে "এইটোৱে সঁচাকৈয়ে দুখ দিয়ে" বুলি টুইটযোগে শোক প্ৰকাশ কৰে ৷

ছাইমনছে অষ্ট্ৰেলিয়াৰ হৈ 26 খন টেষ্ট খেলিছিল ৷ 1999-2007 চনত বিশ্বৰ ক্ৰিকেট জগতত আধিপত্য বিস্তাৰ কৰা এণ্ড্ৰিউ ছাইমনছ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতৰ অবিচ্ছেদ্য অংশ আছিল । অৱসৰৰ পিছত শ্বেন ৱাৰ্ণ আৰু এণ্ড্ৰিউ ছাইমনছে কমেণ্ট্ৰী দলৰ সদস্য হিচাপে ক্ৰিকেট জগতৰ সৈতে জড়িত আছিল ।

লগতে চাওক: Thomas cup 2022 : থমাছ কাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.