স্পৰ্টছ ডেস্ক,৬ মাৰ্চ : ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট চলি আছে (India vs Sri Lanka test series)। টেষ্টৰ দ্বিতীয় ইনিংছত শ্ৰীলংকাই বেটিং কৰি আছে । ইয়াৰ মাজতে ভাৰতীয় অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে আন এক অভিলেখৰ দিশে আগবাঢ়িছে । ইতিমধ্যে অশ্বিনে টেষ্ট ক্ৰিকেটত সৰ্বমুঠ ৪৩৪ টা উইকেট দখল কৰিছে ।
ইয়াৰ লগে লগে টেষ্টত উইকেট দখলৰ তালিকা কপিল দেৱৰ সৈতে সমান স্থানত অৱতীৰ্ণ হৈছে অশ্বিন (R Ashwin equals Kapil Dev test wickets)। এটা মাত্ৰ উইকেট দখল কৰিলেই তেওঁ কপিল দেৱৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হ'ব । ইফালে অনিল কুম্বলেৰ পাছতে দীঘলীয়া ফৰ্মেটত ভাৰতৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে অভিলেখ ৰচিব অশ্বিনে ।
উল্লেখ্য যে ইতিমধ্যে প্ৰথম ইনিংছত ভাৰতে ৮ উইকেট হেৰুৱাই ৫৭৪ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰিছিল । কিন্তু অতি দুৰ্বল আৰম্ভণিৰ সৈতে শ্ৰীলংকাই ১৭৪ ৰাণত ইনিংছ সামৰে । ইফালে ৪০০ ৰাণৰ অগ্ৰগতি লাভ কৰা ভাৰতে ফলো অন প্ৰয়োগ কৰে ।
দ্বিতীয়টো ইনিংছতো শ্ৰীলংকাই অতি দুৰ্বল প্ৰদৰ্শন কৰে । তৃতীয় দিনাও বাতৰি লিখা পৰ্যন্ত ১৫৬ ৰাণত ৮ টা উইকেট হেৰুৱাই শ্ৰীলংকা । লাহে লাহে প্ৰথমখন টেষ্টত জয়ৰ দিশে আগবাঢ়িছে ভাৰত ।
লগতে পঢ়ক :মিতালী ৰাজৰ শিৰত আন এক খিতাপ