ETV Bharat / sports

World Cup 2023 : মেক্সৱেলৰ পাছত মিচেল মাৰ্শো দলৰ পৰা বাহিৰ - Mitchell Marsh has flown to Perth

ব্যক্তিগত কাৰণত অষ্ট্ৰেলিয়ালৈ উৰা মাৰিছে অলৰাউণ্ডাৰ মিচেল মাৰ্শে । দলত পুনৰ তেওঁ যোগদান কৰিব নে নাই সেয়া নিশ্চিত হোৱা নাই । দুগৰাকী অলৰাউণ্ডাৰ দলৰ পৰা বাহিৰ হোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন ৫ বাৰৰ চেম্পিয়ন কেংগাৰু বাহিনী ।

World Cup 2023
মেক্সৱেলৰ পাছত মিচেল মাৰ্শো দলৰ পৰা বাহিৰ
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:10 PM IST

স্পৰ্টছ ডেস্ক,২ নৱেম্বৰ : চলিত বিশ্বকাপত অষ্ট্ৰেলিয়া দল আৰু দলটোৰ অনুৰাগীৰ বাবে উদ্বেগৰ খবৰ । ব্যক্তিগত কাৰণত ভাৰত এৰি পাৰ্থলৈ উৰা মাৰিছে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডৰ মিচেল মাৰ্শে । লগে লগে চলিত আইচিচি ক্ৰিকেট বিশ্বকাপৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বাহিৰ খেলুৱৈগৰাকী বাহিৰ হোৱাৰো আশংকা কৰা হৈছে ।

এক্সৰ এটা পোষ্টত ক্ৰিকেট অষ্ট্ৰেলিয়াই জনাইছে যে মিচেল মাৰ্শে ব্যক্তিগত কাৰণত বুধবাৰে ঘৰলৈ ৰাওনা হৈছে । এগৰাকী মুখ্য অলৰাউণ্ডাৰ দলৰ পৰা বাহিৰ হোৱাৰ লগে লগে অষ্ট্ৰেলিয়া সংকটত পৰিছে । অৱশ্যে অষ্ট্ৰেলিয়ান ক্ৰিকেট সংস্থাই ব্যক্তিগত কাৰণৰ বিৱৰণ প্ৰকাশ কৰা নাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল আঘাতৰ বাবে ইংলেণ্ডৰ সৈতে শনিবাৰে হ’বলগীয়া সংঘৰ্ষৰ পৰা বাহিৰ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই এতিয়া মিচেল মাৰ্শক হেৰুৱাই অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈছে । মিচেল মাৰ্শ কিমান দিনৰ বাবে উপলব্ধ নহ'ব সেয়া স্পষ্ট হোৱা নাই ।

পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা ৫ বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৪ নৱেম্বৰ শনিবাৰে আকাংক্ষিত প্ৰতিযোগিতাৰ পৰা ইতিমধ্যে বাহিৰ হোৱা বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ডৰ সৈতে মুখামুখি হ'ব । প্ৰথম দুখন খেল ক্ৰমে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পাছত পুনৰ ফৰ্মলৈ আহিছে অষ্ট্ৰেলিয়া । পেট কামিন্সৰ নেতৃত্বত দলটোৱে শেহতীয়াকৈ শ্ৰীলংকা, পাকিস্তান, নেডাৰলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ৪ খন খেল জয়ী হৈ পুনৰ ফৰ্মলৈ উভতি আহিছে । ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পাছত অষ্ট্ৰেলিয়াই ক্ৰমে মুম্বাই আৰু পুনেত আফগানিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধে মুখামুখি হ'ব ।

লগতে পঢ়ক :ICC World Cup 2023 : ৱানখেড়েত হিটমেন শ্ব' চাবলৈ আগ্ৰহী অনুৰাগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.