ETV Bharat / sports

1 জুনৰ পৰা 29 জুনলৈ চলিব টি-২০ বিশ্বকাপ: 9 জুনত ভাৰত-পাকিস্তানৰ মেচ

T20 WC 2024: ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ ৷ আমেৰিকা আৰু কানাডাই খেলিব উদ্বোধনী মেচ ৷ ৯ জুনত মুখামুখি হ’ব ভাৰত-পাকিস্তান ৷

T20 WC 2024
T20 WC 2024
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:42 PM IST

স্প’ৰ্টছ ডেস্ক, 5 জানুৱাৰী: আই চি চিয়ে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ সূচী ঘোষণা কৰাৰ লগে লগে ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটৰ টুৰ্ণামেন্ট আই পি এল সমাপ্ত হোৱাৰ পিছত ক্ৰিকেট অনুৰাগীসকলে কিছু ৰোমাঞ্চকৰ একচন দেখিবলৈ পাব । জুন মাহত অনুষ্ঠিত হ’বলগীয়া আইচিচি ইভেণ্টখনৰ উদ্বোধনী খেলখন আমেৰিকা আৰু কানাডাৰ মাজত অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাখনত অহা ৯ জুনত ভাৰত আৰু পাকিস্তানৰ মাজত শ্বাসৰুদ্ধকৰ মেচখন অনুষ্ঠিতত হ’ব ।

ভাৰতে তেওঁলোকৰ গ্ৰুপৰ প্ৰথম তিনিখন মেচ নিউয়ৰ্কত আৰু চতুৰ্থখন ফ্ল’ৰিডাত খেলিব । ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে অহা ৮ জুনত বাৰ্বাডোছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব । ১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনত উদ্বোধনী মেচত আমেৰিকাই কানাডাৰ বিৰুদ্ধে খেলিব । ২৬ জুনত গুয়ানা আৰু ২৭ জুনত ট্ৰিনিদাদত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ছেমি ফাইনেল দুখন ।

ৱেষ্ট ইণ্ডিজৰ ছটা ভেন্যু আৰু আমেৰিকাৰ তিনিটা ভেন্যুত ৫৫ খন খেল অনুষ্ঠিত হ’ব । এই টুৰ্ণামেন্টত ২০ টা দলে অংশগ্ৰহণ কৰিব, ফলত পূৰ্বৰ টেলিতকৈ চাৰিখন মেচ বৃদ্ধি পাব । মুঠ বিশটা দলৰ ভিতৰত চাৰিটা গ্ৰুপ কৰা হৈছে ৷ প্ৰতিটো গ্ৰুপত 5 টাকৈ দল থাকিব ৷

শীৰ্ষ দুটা দলে ছুপাৰ ৮ ৰাউণ্ডলৈ আগবাঢ়ি যাব আৰু চাৰিটাকৈ দলক দুটা গ্ৰুপত ভাগ কৰা হ’ব । ১ জুনৰ পৰা ১৮ জুনলৈ গ্ৰুপ ষ্টেজ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৯ৰ পৰা ২৪ জুনলৈ ছুপাৰ ৮ অনুষ্ঠিত হ’ব ।

২০২২ চনত মেলবৰ্ণত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড বিজয়ী হোৱাৰ বাবেই ইংলেণ্ডে ডিফেণ্ডিং চেম্পিয়ন । পুৰুষৰ টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব কানাডা, আমেৰিকা আৰু উগাণ্ডাই ।

লগতে পঢ়ক: টি-২০ দললৈ উভতি অহাৰ সম্পূৰ্ণ সম্ভাৱনা ৰোহিত-বিৰাটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.