ETV Bharat / sports

প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ বিয়োগ

author img

By

Published : Jul 13, 2021, 1:19 PM IST

যশপাল শৰ্মাই ১৯৭৮ চনত শিয়ালকোটত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ হৈ প্ৰথমখন খেলত অংশগ্ৰহণ কৰিছিল । ১৯৮৩ চনৰ বিশ্বকাপ (1983 cricket world cup) জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

Yashpal Sharma dies
প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ বিয়োগ

স্প’ৰ্টছ ডেস্ক, ১৩ জুলাই : ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক দুখৰ খবৰ । মঙলবাৰে মৃত্যু ঘটে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যশপাল শৰ্মাৰ (Ex cricketer Yashpal Sarma) । হৃদৰোগত আক্ৰান্ত হৈ ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্যগৰাকীয়ে ।

১৯৮৩ চনত ভাৰতে বিশ্বকাপ ক্ৰিকেটৰ (World cup) খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ সেই বিজয়ী দলটোৰ সদস্য আছিল যশপাল শৰ্মা । মঙলবাৰে পুৱা প্ৰায় ৭.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে খেলুৱৈগৰাকীয়ে । খেলুৱৈগৰাকীৰ মৃত্যুৰ লগে লগে তেওঁৰ অনুৰাগীসকল শোকত ভাগি পৰা দেখা গৈছে ।

আনকি দেশৰ ভিন্ন প্ৰান্তত ক্ৰীড়াপ্ৰেমীসকলে খেলুৱৈ গৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে ।

যশপাল শৰ্মাই ১৯৭৮ চনত শিয়ালকোটত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ হৈ প্ৰথমখন খেলত অংশগ্ৰহণ কৰিছিল । পাকিস্তানে ভাৰতক ৮ উইকেটত পৰাস্ত কৰা এই খেলখনত তেওঁ ২৬ টা বলত ১১ ৰাণ সংগ্ৰহ কৰিছিল । ইফালে ভাৰতীয় দলটোৰ এগৰাকী আক্ৰমণাত্মক মধ্যক্ৰমৰ বেটছমেন (middle order batsman) হিচাপে তেওঁ জনাজাত আছিল ।

৬৬ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰজনে ১৯৭৯ চনত লৰ্ডছত (Lords) ইংলেণ্ডৰ বিৰুদ্ধে দীঘলীয়া ফৰ্মেটৰ প্ৰথমখন খেল খেলিছিল । সোঁহতীয়া বেটছমেনজনে ভাৰতৰ হৈ ৩৭ খন টেষ্ট (test cricket) আৰু ৪২ খন এদিনীয়া (One day cricket) খেলিছে ৷ দুয়োটা ফৰ্মেটত ক্ৰমে ১৬০৬ আৰু ৮৮৩ ৰাণ সংগ্ৰহ কৰে । ইফালে ১৯৮৩ চনৰ বিশ্বকাপ (1983 cricket world cup) জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

কপিলদেৱ (Kapil Dev) নেতৃত্বধীন ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঐতিহাসিক জয় সাব্যস্ত কৰা এই ফাইনেল খেলখনত তেওঁ ১১ ৰাণ সংগ্ৰহ কৰিছিল । ১৯৮৫ চনত ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণ শৃংখলাৰ সময়ত ভাৰতৰ হৈ অন্তিমখন খেল খেলি যশপালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল । আনহাতে খেলুৱৈ গৰাকীৰ আকস্মিক মৃত্যু খবৰ পোৱাৰ লগে লগে ভাৰতৰ লগতে বিদেশৰ বহু ক্ৰিকেটাৰে শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ইউৰো 2020ৰ সৰ্বাধিক গ’লদাতা ক্ৰিষ্টিয়ানো ৰোনাল্ড’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.