ETV Bharat / sports

পুনৰ অক্টোবৰলৈ পিছুৱালে "থমাছ এণ্ড উৱেৰ কাপ ফাইনেলছ ২০২০" প্ৰতিযোগিতা

author img

By

Published : Apr 30, 2020, 11:57 AM IST

ডেনমাৰ্কত অনুষ্ঠিত হ'বলগীয়া থমাছ এণ্ড উৱেৰ কাপ ফাইনেলছ ২০২০ ৰ নতুন দিনৰ ঘোষণা । ৩ ৰ পৰা ১১ অক্টোবৰৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বিশ্ব বেডমিণ্টন ফেডাৰেচন আৰু ডেনমাৰ্ক বেডমিন্টনৰ ।

Thomas and Uber Cup Finals postponed again, moved to October

স্পৰ্টছ ডেস্ক, ৩০ এপ্ৰিলঃ বিশ্বজুৰি চলি থকা কৰ'ণা মহামাৰীৰ ফলতেই স্তব্ধ হৈ পৰিছে ক্ৰীড়াজগতৰ সকলো কাৰ্য-কলাপ । ইতিমধ্যে বাতিল অথবা স্থগিত কৰা হৈছে টেনিছ, ক্ৰিকেট, ফুটবলৰ বহু কেইটা প্ৰতিযোগিতা । সমান্তৰালকৈ থমাছ এণ্ড উৱেৰ কাপ ফাইনেলছ বেডমিণ্টন প্ৰতিযোগিতাও স্থগিত কৰাৰ পাচত শেহতীয়াকৈ "থমাছ এণ্ড উৱেৰ কাপ ফাইনেলছ ২০২০" বেডমিণ্টন প্ৰতিযোগিতাৰ নতুন তাৰিখ ঘোষণা কৰা হৈছে । চলিত বৰ্ষৰ ৩ ৰ পৰা ১১ অক্টোবৰৰ ভিতৰত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ যুটীয়া ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব বেডমিণ্টন ফেডাৰেচন আৰু ডেনমাৰ্ক বেডমিণ্টনে । এক বিবৃতিত এই কথা উল্লেখ কৰিছে বিশ্ব বেডমিণ্টন ফেডাৰেচনে ।

বিশ্ব বেডমিণ্টন ফেডাৰেচন
বিশ্ব বেডমিণ্টন ফেডাৰেচন

যোৱা ৬ এপ্ৰিলত ডেনমাৰ্ক চৰকাৰে ডেনমাৰ্কত আগষ্ট মাহলৈকে কোনো ধৰণৰ বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল । ইয়াৰ পাচতেই পূৰ্বে নিৰ্ধাৰণ কৰা ১৫-২৩ আগষ্টত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা অসম্ভৱ হৈ নুঠিব । যাৰ বাবেই পুনৰ বিবেচনাৰ অন্তত অক্টোবৰ মাহত এই প্ৰতিযোগিতা আয়োজনৰ উত্তম সময় হ'ব বুলি বিবেচিত কৰি নতুন দিনৰ ঘোষণা কৰা হৈছে ।

এই সন্দৰ্ভত বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ মুখ্য সচিব থমাছ লুণ্ডে কয়, আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে খেলুৱৈ, ষ্টাফ, স্বেচ্ছাসেৱী, বিচাৰক আৰু সম্পূৰ্ণ বেডমিণ্টন সমূদায়ৰ স্বাস্থ্য, সুৰক্ষা দিশটো সুনিশ্চিত কৰা । আমি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ সমূহ ভালদৰে অনুসৰণ কৰাৰ পাচত, স্বাস্থ্য় বিশেষজ্ঞ, চৰকাৰৰ মতামতৰ পাচতেই ছেপ্তেম্বৰত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা কঠিন হ'ব বুলি অনুমান কৰি এই সিদ্ধান্তত উপনীত হৈছো । আশা কৰিছো ৩-১১ অক্টোবৰৰ ভিতৰত আমি সফল ভাৱে এই প্ৰতিযোগিতা আয়োজন কৰিবলৈ সক্ষম হ'ম । বৰ্তমান পৰিস্থিতি ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । আনহাতে বেডমিণ্টন ডেনমাৰ্কৰ CEO বু জেনছেনে কয়, প্ৰতিযোগিতাৰ সময় সলনি কৰাটো দুৰ্ভাগ্যজনক । কিন্তু বৰ্তমান আমাৰ চিন্তা কেন্দ্ৰীভূত হৈ আছে সকলো লোকৰ সুৰক্ষাৰ দিশটোৰ প্ৰতিহে ।

"থমাছ এণ্ড উৱেৰ কাপ ফাইনেলছ ২০২০"

প্ৰতিযোগিতাখন পোন প্ৰথমে মে' মাহৰ ১৬ ৰ পৰা ২৪ তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া আছিল । কিন্তু কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ বাবেই ২০ মাৰ্চত এই প্ৰতিযোগিতা স্থগিত কৰি ১৫ আগষ্টৰ পৰা ২৩ আগষ্টলৈ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.