ETV Bharat / sports

বাতিল হ'ল BWF ৰ চাৰিখন বৃহৎ প্ৰতিযোগিতা - বিশ্ব বেডমিন্টন ফেডাৰেছন (BWF)

বাতিল হ'ল BWF ৰ চাৰিখন বৃহৎ প্ৰতিযোগিতা ৷ বাতিল হোৱা প্ৰতিযোগিতাসমূহ হৈছে টাইপেই অ'পেন,কোৰিয়া অ'পেন, চাইনা অ'পেন আৰু জাপান অ'পেন ৷

Taipei Open & Korea Open among 4 tournaments cancelled by BWF
বাতিল হ'ল BWF ৰ চাৰিখন বৃহৎ প্ৰতিযোগিতা
author img

By

Published : Jul 29, 2020, 3:23 PM IST

স্পৰ্টছ ডেস্ক, 29 জুলাই : ক'ভিড-19 মহামাৰীৰ ফলত বিশ্ব বেডমিন্টন ফেডাৰেছনে (BWF) বাতিল কৰিছে চাৰিখন বৃহৎ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাসমূহ হৈছে টাইপেই অ'পেন, কোৰিয়া অ'পেন, চাইনা অ'পেন আৰু জাপান অ'পেন ৷

Taipei Open & Korea Open among 4 tournaments cancelled by BWF
বাতিল হ'ল BWF ৰ চাৰিখন বৃহৎ প্ৰতিযোগিতা

উল্লেখ্য যে, 1 ৰ পৰা 6 ছেপ্টেম্বৰলৈ টাইপেই অ'পেন আৰু 8 ৰ পৰা 13 ছেপ্টেম্বৰলৈ কোৰিয়া অ'পেন অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হৈছিল ৷ আনহাতে, চাইনা অ'পেন 15-20 ছেপ্টেম্বৰ আৰু জাপান অ'পেন 22-27 ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হৈছিল ৷

BWF ৰ সাধাৰণ সম্পাদক থমাছ লুন্দে কয়, "ক্ৰীড়াবিদ, দৰ্শক, ভলন্টিয়াৰ আৰু এচ'ছিয়েচনৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিযোগিতাসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ প্ৰতিযোগিতাসমূহ বাতিল কৰি আমি অতিকৈ দুঃখিত হৈছো, কিন্তু এই সময়ত সকলোৰে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷"

লুন্দে কয়, "বেডমিন্টন পুনৰ আৰম্ভ হ'ব বুলি আগ্ৰহেৰে বাট চাই ৰোৱা সকলৰ নিৰাশা আমি বুজি পাওঁ আৰু সমৰ্থক আৰু অংশীদাৰ সকলৰ ক্ৰমাগত সমৰ্থনক আমি শলাগ লওঁ ৷ বিশ্ব স্বাস্থ্য সংস্থা, স্থানীয় স্বাস্থ্য প্ৰশাসন আৰু আন্তৰাষ্ট্ৰীয় আৰু দেশীয় ভ্ৰমণ অধিনয়মৰ নীতি-নিয়ম অনুসৰি BWF ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ চেষ্টা কৰিম ৷"

পূৰ্বেও BWF য়ে 2020 ছিজনৰ চাইনা মাষ্টাৰ্ছ আৰু ডাটছ অপেন বাতিল কৰাৰ কথা ঘোষণা কৰিছিল ৷ মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে ক্ৰীড়া প্ৰতিযোগিতাসমূহ স্থগিত ৰখা হৈছে ৷ অলিম্পিকৰ দৰে বৃহৎ ইভেন্টসমূহো স্থগিত ৰখা হৈছে ৷ আনহাতে, বহু শ্বাটলাৰে খেলত অংশগ্ৰহণ কৰিবলৈ অনীচ্ছা প্ৰকাশ কৰা বাবে BWF য়ে বহু কেইখন প্ৰতিযোগিতা বাতিল কৰিছিল ৷

লগতে পঢ়ক : উইছডন ট্ৰফী : 2-1 ব্যৱধানত শৃংখলা দখল ইংলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.