স্পৰ্টছ ডেস্ক, 21 জ্ঞুলাই : ইণ্ডোনেছিয়া অ'পেনৰ মহিলাৰ ছিংগলছৰ ফাইনেলত পৰাস্ত হ'ল ভাৰতীয় বেটমিন্টন তাৰকা পি. ভি. সিন্ধু ৷ জাপানৰ আকানে য়ামাগুছিৰ হাতত পোনপটীয়া ছেটত পৰাস্ত হয় ভাৰতীয় শ্বাটলাৰ গৰাকী ৷ দেওবাৰে জাকাৰ্টাত অনুষ্ঠিত মেচ খনত 15 - 21, 16 - 21 ছেটত পৰাস্ত হয় সিন্ধু ৷ মেচৰ আৰম্ভণিতে সিন্ধুয়ে সুন্দৰ প্ৰদৰ্শনেৰে আগবাঢ়ি আছিল যদিও শেষ সময়ত য়ামাগুছিৰ হাতত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় ৷

উল্লেখ্য যে, 2019 বৰ্ষত সিন্ধুয়ে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল ৷ ইয়াৰ পূৰ্বে মাৰ্চত ইণ্ডিয়া অ'পেন আৰু এপ্ৰিলত ছিংগাপুৰ অ'পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল তেওঁ ৷ এই প্ৰতিযোগিতাৰ পাছতে সিন্ধুক চলিত মাহতে জাপান অ'পেন আৰু আগষ্টত থাইলেণ্ড অ'পেনত অংশগ্ৰহণ কৰা দেখা যাব ৷