নিউজ ডেস্ক, 14 নৱেম্বৰ : ৰেডবুল শ্বাটল আপ(Women's Double Tournament Redbull Shuttle)ৰ মহিলাৰ দ্বৈত টুৰ্ণামেণ্টৰ তৃতীয় সংস্কৰণৰ খিতাপ দখল কৰে গুৱাহাটীৰ দেবাহুতি লাহন আৰু মালিনী বৰুৱাই ৷ দিল্লীৰ ত্যাগৰাজ ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত বেডমিণ্টনৰ ফাইনেল খেলখনত মুম্বাইৰ শুভাংগী মজুমদাৰ আৰু ৰশ্মা ফাৰুকীক পৰাস্ত কৰি এই খিতাপ দখল কৰে অসমৰ খেলুৱৈ দুগৰাকীয়ে ৷
উল্লেখ্য যে, ৰেডবুল শ্বাটল আপ কোৱালিফায়াৰ মেচ ১৮ ছেপ্টেম্বৰৰ পৰা ৩০ অক্টোবৰলৈ হায়দৰাবাদ, চণ্ডিগড়, দিল্লী, মুম্বাই আৰু গুৱাহাটীত অনুষ্ঠিত হৈছিল । প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি গুৱাহাটীৰ দেবাহুতি লাহন আৰু মালিনী বৰুৱাৰ লগতে মুম্বাইৰ শুভাংগী মজুমদাৰ আৰু ৰশ্মা ফাৰুকী, হায়দৰাবাদৰ আফনান জৰিন আৰু অৰুণ ক’মল, চণ্ডিগড়ৰ নলিনী মালিক আৰু খুচবু শ্বাহ আৰু দিল্লীৰ ছানা বাৰ্মা আৰু একতা জোশীয়ে নিজ নিজ চহৰৰ পৰা যোগ্যতা অৰ্জনকাৰী কৰি ৰেডবুল শ্বাটল আপ 2021ৰ ফাইনেলত স্থান নিশ্চিত কৰে ৷
ৰেড বুল শ্বাটল আপ 2021 ৰ খিতাপ দখল কৰি গুৱাহাটীৰ দেবাহুতি লাহন আৰু মালিনী বৰুৱাই সন্তোষ ব্যক্ত কৰে ৷ তেওঁলোকে প্ৰতিযোগিতাখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ কথা উল্লেখ কৰি দেশৰ শ্ৰেষ্ঠ দলৰ সন্মুখত নিজৰ প্ৰদৰ্শন দেখুৱাই তেওঁলোকক পৰাস্ত কৰি এই খিতাপ দখল কৰি অত্যন্ত সুখী বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক : ICC T20 WC Final : সমুখ সমৰত অষ্ট্ৰেলিয়া-নিউজিলেণ্ড