স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ: চীন অ’পেনত পৰাজয় ভাৰতীয় শ্বাটলাৰৰ ৷ প্ৰত্যক্ষ ছেটত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ল ভাৰতীয় শ্বাটলাৰ পাৰুপল্লী কাশ্যপ ৷ বিশ্বৰ 6 নম্বৰৰ খেলুৱৈ ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ হাতত পৰাস্ত হয় কাশ্যপ ৷
![ডেনমাৰ্কৰ খেলুৱৈৰ হাতত পৰাস্ত কাশ্যপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4988938_a-2.jpg)
43 মিনিটলৈ চলা পুৰুষৰ ছিংগলছ মেচখনত 21-12, 21-19 ত পৰাস্ত হয় ভাৰতীয় শ্বাটলাৰগৰাকী ৷ ইয়াৰ পূৰ্বে প্ৰথম ৰাউণ্ডত থাইলেণ্ডৰ খেলুৱৈক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ উত্তীৰ্ণ হৈছিল পাৰুপল্লী কাশ্যপ ৷