স্পৰ্টছ ডেস্ক, 8 জুলাই : বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কৰ'ণা ভাইৰাছৰ মহামাৰী প্ৰতি লক্ষ্য় ৰাখি শেহতীয়াকৈ দুখন আন্তঃৰাষ্ট্ৰীয় বেটমিণ্টন প্ৰতিযোগিতা ক্ৰমে চাইনা মাষ্টাৰ্ছ আৰু ডচ্ অ'পেন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশ্ব বেডমিণ্টন ফেডাৰেচনে । মঙলবাৰে এই কথা সদৰি কৰে ফেডাৰেচনে ।
BWF য়ে এক বিবৃতি প্ৰকাশ কৰি দুখনকৈ BWF ট্যুৰ চুপাৰ 100 টুৰ্ণামেণ্ট লিংচুই চাইনা মাষ্টাৰ্ছ আৰু ডচ্ অ'পেন 2020 ক বাতিল কৰাৰ ঘোষণা কৰে ।
চাইনা মাষ্টাৰ্ছ অ'পেন প্ৰথম অৱস্থাত 25 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া আছিল যদিও পিচত স্থগিত কৰি মে' তাৰ পাচত আগষ্টলৈ স্থগিত কৰা হৈছিল । আনহাতে ডচ্ অ'পেন 6 পৰা 11 অক্টোবৰলৈ নেদাৰলেণ্ডত অনুষ্ঠিত কৰাৰ কথা আছিল ।
ইয়াৰ পূৰ্বে স্বিছ অ'পেন আৰু ইউৰোপিয়ান চেম্পিয়নশ্বিপও বাতিল কৰা হৈছে । আনহাতে হায়দৰাবাদ অ'পেনো কৰ'ণা ভাইৰাছৰ বাবে বাতিল কৰা হৈছে ।