স্পৰ্টছ ডেস্ক, ২০ মাৰ্চঃ পাঞ্জাৱৰ পাটিয়ালাত হিমাৰ সফলতাৰ পাচতেই অসমলৈ আহিছে আন গৌৰৱ । সুদূৰ হংকঙত উজলিল কোকৰাঝাৰৰ জীয়ৰী অম্বিকা নাৰ্জাৰী । হংকংত অনুষ্ঠিত হোৱা 'যুৱ এছিয়ান এথেলেটিক চেম্পিয়নশ্বিপ'ৰ লং জাম্পত লাভ কৰিলে ব্ৰঞ্জৰ পদক । লং জাম্পৰ ইভেন্টত ৫.৭৩মিটাৰ জঁপিয়াই তৃতীয় স্থান দখল কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় অম্বিকাই ।
মঙলবাৰে বৰঝাৰ বিমানবন্দৰত খেলুৱৈগৰাকী উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই অসম এথলেটিক্স সংস্থাৰ সাধাৰণ সম্পাদক অশোক ভৰালীৰ লগতে আত্মীয়ই । এই সফলতাৰ পিচত অসমবাসীক ধন্যবাদ জনায় খেলুৱৈগৰাকীয়ে ।