ETV Bharat / sitara

জুবিনৰ স্বাস্থ্যৰ বুজ ল’লে জুবলীয়ে - zublee visit nemcare hospital

জুবিন গাৰ্গৰ স্বাস্থ্যৰ খবৰ ল’বলৈ শনিবাৰে নেমকেয়াৰ চিকিৎসালয়ত উপস্থিত হ’ল জুবলী বৰুৱা । জুবিনৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে আগতকৈ সুস্থিৰ হৈছে বুলি জানিবলৈ দিলে জুবলীয়ে ।

জুবিনৰ স্বাস্থ্যৰ বুজ ল’লে জুবলীয়ে
জুবিনৰ স্বাস্থ্যৰ বুজ ল’লে জুবলীয়ে
author img

By

Published : Feb 29, 2020, 7:45 PM IST

গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ শনিবাৰে জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰ চিকিৎসালয়ত উপস্থিত হ’ল জুবলী বৰুৱা ৷ অসমবাসীৰ মৰম আশীৰ্বাদত অতি কম সময়ৰ ভিতৰতেই সুস্থ হৈ উঠিছে বুলি কয় জুবলীয়ে । সাংবাদিকৰ আগত নিজেও যাতে স্বাস্থ্যৰ অলপ যত্ন লয় সেই কথা উল্লেখ কৰি দ্ৰুত আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় সহ শিল্পীগৰাকীয়ে ।

শনিবাৰে জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে জুবলী বৰুৱাই

শুকুৰবাৰে গুৱাহাটী টাউন ক্লাৱৰ এক অনুষ্ঠানৰ শুভ উদ্বোধন কৰিবলৈ গৈ হঠাতে ঢলি পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ পিচত ততাতৈয়াকৈ মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক ৷ অত্যন্ত কষ্ট আৰু টোপনি ক্ষতিৰ ফলতে স্নায়ুজনিত কাৰণত শিল্পীগৰাকী ঢলি পৰাৰ কথা প্ৰকাশ কৰিছিল চিকিৎসকে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.