ETV Bharat / sitara

"নিজৰ ঘৰখনৰ নিচিনা আন একো ঠাই হ'ব নোৱাৰে" ঘৰ মুৱা জুবিন

author img

By

Published : May 10, 2020, 2:36 PM IST

মুম্বাইৰ পৰা অসম অভিমুখে আহি আছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ । পত্নী গৰিমা আৰু দুই সতীৰ্থসহ এখন শ্লীপাৰ বাছত যোৱা শুকুৰবাৰৰ পৰা আহি আছে জুবিন গাৰ্গ ৷

zubeen garg back to Assam
নিজৰ ঘৰখনৰ নিচিনা আন একো ঠাই হ'ব নোৱাৰে বুলি স্ব-গৃহলৈ জুবিন

গুৱাহাটী,10 মে'ঃ অসমলৈ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ । পত্নী গৰিমা গাৰ্গ আৰু দুই বন্ধুসহ মুম্বাইৰ পৰা শ্লীপাৰ বাছেৰে অসমলৈ ওভতিছে অসমৰ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ জুবিন অহা বাছখন দেওবাৰে পুৱা ৯ বজাত লক্ষ্ণৌ পাৰ হৈ ইতিমধ্যে বিহাৰত প্ৰৱেশ কৰিছে । চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিৰণিৰ বাবে মুম্বাইলৈ যোৱা জুবিনে লক্ ডাউনৰ বাবে দীৰ্ঘ সময় আৱদ্ধ হৈ পৰিছিল মুম্বাইস্থিত বাসগৃহত ।

zubeen garg back to Assam
স্ব-গৃহলৈ জুবিন

এই সময়চোৱাত অসমবাসীৰ আৰ্তনাদ সহ্য কৰিব নোৱাৰি অৱশেষত নিজা খৰচতেই পত্নী গৰিমা আৰু দুই সতীৰ্থসহ এখন শ্লীপাৰ বাছত যোৱা ৮ মে'ত অসমলৈ বুলি দীঘলীয়া যাত্ৰা আৰম্ভ কৰিছে জুবিনে । উল্লেখ্য যে, গুৱাহাটীত প্ৰৱেশৰ পাছতে নতুন প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গসহ চাৰিওগৰাকী যাত্ৰী থাকিব লাগিব ১৪ দিনৰ কোৱাৰেণ্টাইনত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.