ETV Bharat / sitara

দেওবাৰে ঢোলৰ প্ৰতিবাদী গুমগুমনিত কঁপিব মহানগৰীৰ আকাশ-বতাহ

author img

By

Published : Jan 3, 2020, 5:23 PM IST

অহা 5 জানুৱাৰীত ড৹ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা দীঘলীপুখুৰী পাৰলৈকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত হ'ব ব্যতিক্ৰমী তথা বৃহৎ গণ প্ৰতিবাদ ৷ জুবিন গাৰ্গৰ আহ্বান " 5 জানুৱাৰীত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত পুৱা 10 বজাত সকলোৱে আন্দোলনৰ বাবে ওলাই আহক ৷"

ZUBEEN GARG APPEAL FOR CAA PROTEST
জুবিন গাৰ্গৰ আহ্বান

গুৱাহাটী,3 জানুৱাৰীঃ ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ 5 জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হ'ব এক ব্যতিক্ৰমী বৃহৎ গণ প্ৰতিবাদ । এইবাৰ চৰকাৰী বিৰোধী শ্ল'গানেৰে নহয় ঢোলৰ গুমগুমনিত গুঞ্জৰিত হ'ব মহানগৰীৰ ৰাজপথ । ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা দীঘলীপুখুৰী পাৰলৈকে 100 জন ঢুলীয়াৰ ঢোলৰ মাতত কঁপিব মহানগৰীৰ আকাশ-বতাহ । জুবিন গাৰ্গৰ আহ্বানত 5 জানুৱাৰীত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা হ'ব এই ব্যতিক্ৰমী প্ৰতিবাদ ।

জুবিন গাৰ্গৰ আহ্বান

কেৱল বাদ্যযন্ত্ৰৰে হ'ব লগা এই গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে ৰাইজক ওলাই আহিবলৈ আহ্বান জুবিন গাৰ্গৰ । মহানগৰীৰ কটন বিশ্ববিদ্যালয়, বি বৰুৱা কলেজৰ পৰা আৰম্ভ কৰি প্ৰায় সংখ্যক কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব এই প্ৰতিবাদত । কেৱল সাধাৰণ জনতা অথবা ছাত্ৰ সমাজ নহয় সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন, শিল্পী সমাজ, বৌদ্ধিক সমাজ সকলোৱে এই বাদ্যযন্ত্ৰ লৈ কৰিব লগা প্ৰতিবাদত মিলিত হ'ব জুবিন গাৰ্গৰ আহ্বানত।

Intro:5 জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হব এক ব্যতিক্ৰমী বৃহৎ গণ প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগান নহয় বাদ্যযন্ত্ৰ শব্দত গুঞ্জৰিত হব মহানগৰীৰ ৰাজপথ। ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা দীঘলীপুখুৰী পাৰলৈ 100 জন ঢুলীয়াৰ ঢোলৰ মাতত কঁপিব মহানগৰীৰ আকাশ বতাহ। এই ব্যতিক্ৰমী প্ৰতিবাদত কা বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখি জুবিন গাৰ্গৰ ৰাইজলৈ আহ্বান " 5 জানুৱাৰীত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত একত্ৰিত হওক জনতা পুৱা 10 বজাত। "Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত প্ৰতিবাদ অব্যাহত আছে । নিজৰ কৰ্মসংষ্কৃতিৰ প্ৰতি সন্মান জনায় কৰ্মৰ মাজেৰে বিভিন্ন কোনে অব্যাহত ৰাখিছে কা বিৰোধী প্ৰতিবাদ আৰু এইবাৰ জুবিন গাৰ্গৰ আহ্বানত 5 জানুৱাৰীত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা হব ব্যতিক্ৰমী প্ৰতিবাদ। কেৱল বাদ্যযন্ত্ৰৰে হব লগা এই গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে ৰাইজক ওলাই আহিবলৈ আহ্বান জুবিন গাৰ্গৰ। মহানগৰীৰ কটন বিশ্ববিদ্যালয়ৰ , বি বৰুৱা কলেজৰ পৰা আৰম্ভ কৰি প্ৰায় সংখ্যক কলেজৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব এই প্ৰতিবাদত। 100 জন ঢুলীয়াৰ ঢোলৰ গমগমনীয়ে কঁপাব মহানগৰীৰ আকাশ বতাহ। Conclusion:জুবিন গাৰ্গৰ আহ্বানত কেৱল সাধাৰণ জনতা অথবা ছাত্ৰ সমাজ নহয় সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন , শিল্পী সমাজ , বৌদ্ধিক সমাজ সকলোৱে এই বাদ্যযন্ত্ৰ লৈ কৰিব লগা প্ৰতিবাদত মিলিত হব। জুবিন গাৰ্গৰ আহ্বান " 5 জানুৱাৰীত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত পুৱা 10 বজাত সকলোৱে কা বিৰোধী আন্দোলনৰ বাবে ওলাই আহক। "
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.