ETV Bharat / sitara

টেলিভিছন অভিনেত্ৰী দিব্যা ভাটনাগৰ আৰু নাই... - টেলিভিছন অভিনেত্ৰী দিব্যা ভাটনাগৰ

নিমোনিয়া আৰু COVID-19ত আক্ৰান্ত হৈ অন্তিম নিশ্বাস ত্যাগ কৰে টেলিভিছন অভিনেত্ৰী দিব্যা ভাটনাগৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 34 বছৰ ৷

টেলিভিছন অভিনেত্ৰী দিব্যা ভাটনাগৰ আৰু নাই...

author img

By

Published : Dec 7, 2020, 1:14 PM IST

চিটাৰা ডেস্ক, 7 ডিচেম্বৰ: সোমবাৰে পুৱা এখন চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে অভিনেত্ৰী দিব্যা ভাটনাগৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্ৰী গৰাকী নিমোনিয়া আৰু COVID-19ত আক্ৰান্ত হৈ আছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 34 বছৰ ৷

নৱেম্বৰ মাহতে অভিনেত্ৰী গৰাকীক চিকিৎসাধীন কৰোৱা হৈছিল COVID-19 ৰ পৰীক্ষা কৰোৱাৰ পাচত ৷ বিগত সপ্তাহত তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ বাবে ভেণ্টিলেটৰত ৰখা হৈছিল ৷ তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটাৰ পূৰ্বেই পৰিয়ালৰ লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ লৈ গৈছিল ৷

অভিনেত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে খবৰ পোৱাৰ পাচতে তেওঁৰ মাতৃ আৰু ভাতৃ দিল্লীৰ পৰা আহি মুম্বাইত উপস্থিত হৈছিল ৷

সদ্য প্ৰয়াত অভিনেত্ৰী গৰাকীয়ে হাস্যৰসিক ধাৰাবাহিক তেৰা য়াৰ হু ম্যেৰ ছেটত কাম কৰি থকাৰ সময়তে তেওঁক অসুস্থ অৱস্থাতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ তেওঁ ধাৰাবাহিক খনত ৰীণা আগৰৱালা নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল ৷

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সহকৰ্মী দেৱলীনা চেটাৰ্জীকে কেইবাগৰাকীও শিল্পীয়ে ৷ দিব্যাই য়ে ৰিস্তা ক্যা কেহলাতা হ্যে, সংস্কাৰ, উড়ান, জীত গয়ী তোহ পিয়া মোৰে, বিষ আৰু ছাৱাৰে চবকো প্ৰীতো আদি ধাৰাবাহিকত অভিনয় কৰিছিল ৷

লগতে পঢ়ক: দীপিকা পাডুকনৰ বাবে হ'ব 2021 বৰ্ষটো ব্যস্ততাপূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.