ETV Bharat / sitara

‘তাণ্ডৱ’ বিতৰ্ক : তদন্তৰ বাবে মুম্বাইত উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী

author img

By

Published : Jan 18, 2021, 9:08 PM IST

মুম্বাইত উপস্থিত হৈছে উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা দল ৷ ‘তাণ্ডৱ’ ৱেব চিৰিজৰ পৰিচালক আৰু কাহিনী লেখকৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাচতে তদন্তৰ বাবে মুম্বাইলৈ গৈছে আৰক্ষীৰ দলটো ৷

Tandav web series controversy
তাণ্ডৱ বিতৰ্ক

চিটাৰা ডেস্ক,18 জানুৱাৰী : আমাজন প্ৰাইম ভিডিঅ’ত শেহতীয়াকৈ মুক্তিলাভ কৰা ‘তাণ্ডৱ’ ৱেব চিৰিজৰ পৰিচালক আলী আব্বাছ জাফৰ আৰু কাহিনী লেখক গৌৰৱ চোলান্কীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাচতে উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা দল উপস্থিত হৈছে মুম্বাইত ৷ ৱেব চিৰিজটোৰ নিৰ্মাতাৰ বিৰুদ্ধে হিন্দু ধৰ্মীয় অনুভূতিক অপমান কৰাৰ এজাহাৰ দাখিল হৈছিল আৰু এই এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, দেওবাৰে মাজনিশা হজৰতগঞ্জ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল ৷ অভিযোগত আমাজন প্ৰাইম ইণ্ডিয়াৰ মুখ্য অপৰ্ণা পুৰোহিত, প্ৰযোজক হিমাংশু কৃষ্ণ মেহৰা আৰু আন এগৰাকী ব্যক্তিৰ নামো অন্তৰ্ভুক্ত হৈ আছে ৷

ইয়াৰ পূৰ্বে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ৱেব চিৰিজটোক লৈ হোৱা বিতৰ্কৰ বাবে আমাজন প্ৰাইম ভিডিঅ’ৰ বিৰুদ্ধে চমন জাৰি কৰিছিল ৷

ধৰ্ম, জাতি, জন্মস্থানৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বজাই ৰখা, পূজাৰ স্থান, পবিত্ৰ স্থান অথবা কোনো বস্তুৰ ক্ষতি আদি কেইবাটাও অভিযোগ উত্থাপন কৰি তাণ্ডৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ৷

এজাহাৰত উল্লেখিত অনুসৰি, 16 জানুৱাৰীত মুক্তিলাভ কৰা তাণ্ডৱ ৱেব চিৰিজখনক লৈ বৰ্তমান সামাজিক মাধ্যমত খং আৰু নেতিবাচক প’ষ্ট প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : 'ডক্টৰ জী'ত অভিনয় নকৰাৰ সিদ্ধান্ত কিয় ল'লে ম্ৰূণাল ঠাকুৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.