চিটাৰা ডেস্ক, 24 মে’: লকডাউনৰ ফলত বিভিন্ন ক্ষেত্ৰৰ লগতে টেলিভিশ্বন ক্ষেত্ৰখনতো আৰ্থিক সমস্যাই জুৰুলা কৰি তুলিছে ৷ টেলিভিশ্বন জগতৰ বহু লোকে শাৰীৰিক-মানসিকভাৱে সংঘৰ্ষ কৰি থকাও পৰিলক্ষিত হৈছে ৷
অভিনেতা বিকাশ শেট্টীয়ে এই সন্দৰ্ভত ব্যক্ত কৰে যে, যিসকল নতুন অভিনেতা বা কলা-কুশলী ছবিজগতত কাম কৰি আছে, যিসকলৰ দৰমহা কম তেওঁলোকৰ বাবে এই সময়খিনি অতি কঠিন হৈ পৰিছে ৷ ছবি নিৰ্মাতাসকলে কলা-কুশলীসকলক দৰমহা দিছে নে নাই সেই বিষয়েও অভিনেতাগৰাকী অৱগত নহয় বুলি জানিবলৈ দিয়ে ৷ লকডাউন শেষ হোৱাৰ পিছত কৰ্মচাৰীসকলে দৰমহা বিচাৰিলে নিৰ্মাতাসকলে দিব পাৰিব নে নাই তাক লৈহে চিন্তিত ৷ আৰ্থিক সমস্যাৰ বাবে সকলোৱে নিশ্চয় মানসিক অশান্তিত ভুগিছে ৷
অভিনেতা, লেখক তথা নিৰ্মাতা গৌৰৱ চনানাই তেওঁলোকৰ উদ্যোগ পোন প্ৰথমেই বন্ধ হোৱা প্ৰসংগত কয় যে, 16 মাৰ্চ তাৰিখে তেওঁলোকে এখন চিঠি পাইছিল আৰু 18 তাৰিখৰ পৰা তেওঁলোকৰ কাম স্তব্ধ হৈ পৰিছে ৷ দৰমহা পাবলগীয়া কৰ্মচাৰীসকলৰ দুৰাৱস্থা আহি পৰিছে ৷
ইয়াৰোপৰি, শেহতীয়াকৈ টিভি অভিনেতা মন্মীত গ্ৰেৱালে আৰ্থিক সংকটত ভুগি আত্মহত্যা কৰাৰ বাতৰি পোহৰলৈ আহে ৷ অভিনেতা আশীষ ৰয় চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰে ৷ ‘Humari Bahu Silk’ নামৰ টিভি চিৰিয়েলখনৰ দুই অভিনেতা জান খান আৰু চাহাত পাণ্ডে দৰমহা নোপোৱাৰ বাবে নিজৰ সংঘৰ্ষৰ বিষয়ে দুখ প্ৰকাশ কৰে ৷
আনহাতে, অভিনেত্ৰী নিয়া শৰ্মাই জানিবলৈ দিয়ে যে, তেওঁৰ বহুকেইজন বন্ধু বৰ্গই মাহিলী দৰমহাৰ পৰা বঞ্চিত হোৱাৰ বাবে আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে ৷ ‘Sankat Mochan Mahabali Hanumaan’ৰ অভিনেতা অৰুণ মণ্ডোলা, ‘Naagin: Bhagya Ka Zehreela Khel’ৰ অভিনেতা বিজয়েন্দ্ৰ কুমেৰীয়া, অভিনেতা কেটন সিং, অভিনেতা শ্বৰদ মহ্লোত্ৰা, অভিনেত্ৰী ৰিশিনা কান্ধাৰী, অভিনেত্ৰী জেচমিন ভাষিনে আদি টেলিভিশ্বনৰ অভিনেতা-অভিনেত্ৰীসকলেও লক ডাউনৰ ফলত হোৱা আৰ্থিক সমস্যাক লৈ নিজৰ অনুভৱ ব্যক্ত কৰে ৷
লগতে পঢ়ক: কোভিড-19য়ে সকলোকে একগোট হোৱাৰ সাহস দিছে: আশা ভোশলে