নিউজ ডেক্স, ১৭ জুনঃ প্ৰসিদ্ধ অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ খাৰিজ হোৱাৰ পাছৰে পৰা অত্যন্ত দুখী হৈ পৰিছে অভিনেত্ৰী তনুশ্ৰী দত্ত । মুম্বাই প্ৰশাসনে নানা পাটেকাৰক ক্লীনশ্বিট জাৰি কৰাৰ পিছত অভিনেত্ৰীগৰাকীয়ে নিজৰ ক্ষোভ ব্যক্ত কৰে ।
অভিনেত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে, প্ৰশাসনে ঘোচ খাই ক্লীনশ্বিট দিছে অভিনেতাজনক । আৰু লগতে কয় যে ক্লিন শ্বিট পোৱা মানেই তেওঁ নিৰ্দোষী হৈ নাযায় । দেশৰ এগৰাকী কন্যাৰ ওপৰত ইমান যৌন নিৰ্যাতন চলোৱাৰ পিছতো, কেৰিয়াৰ ধ্বংস কৰাৰ পিছতো কেনেকৈ ছোৱালীগৰাকীৰ অভিযোগ মিছা বুলি পুলিচে ক'ব পাৰে বুলি তেঁও প্ৰশ্ন উত্থাপন কৰে । ইয়াৰোপৰি বাৰে বাৰে এই নিৰ্যাতনৰ বিপক্ষে যুঁজিও ন্যায় পাবলৈ সক্ষম হোৱা নাই বুলি অত্যন্ত দুখ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।