ETV Bharat / sitara

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল থলুৱা জীৱনৰ আধাৰত নিৰ্মিত ছুটি ছবি মাই লাইফ - অসমৰ এখন ছুটি ছবি

ছৱিখনত অভিনয় কৰিছে প্ৰযোজক গজেন পাংগিঙৰ জীয়ৰি প্ৰিয়া পাংগিং, জোনাই লাইমেকুৰী গাঁৱৰ ৰাজীৱ বৰি, ডিব্ৰুগড়ৰ পানীগাঁৱৰ মিন্টু পাংগিং আদিয়ে ৷ ডিব্ৰুগড় নতুন নিৰ্মালী গাঁৱৰ কুহিয়াৰবাৰীৰ গজেন পাংগিঙৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ছৱিখন ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল থলুৱা জীৱনৰ আধাৰত নিৰ্মিত ছুটি ছবি মাই লাইফ

author img

By

Published : Jun 21, 2020, 2:49 AM IST

জোনাই , ২০ জুনঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিবলৈ সক্ষম হৈছে অসমৰ এখন ছুটি ছবি ৷ ছৱিখনৰ নাম "মাই লাইফ" ৷ অসমৰ থলুৱা জীৱন যাপনৰ ওপৰত ভিত্তি কৰি ইংৰাজী ভাষাত নিৰ্মিত এই ছুটী ছৱি খনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

থলুৱা জনজীৱনৰ ওপৰত নিৰ্মিত মাই লাইফ নামৰ মিচিং জনগোষ্ঠীৰ এক প্ৰতিফলন ঘটোৱা ছুটি ছৱিখনে শ্ৰেষ্ঠ ছুটি ছৱিৰ সন্মান লাভ কৰিছে ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল থলুৱা জীৱনৰ আধাৰত নিৰ্মিত ছুটি ছবি মাই লাইফ
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল থলুৱা জীৱনৰ আধাৰত নিৰ্মিত ছুটি ছবি মাই লাইফ

নিঃসন্তান দম্পত্তিৰ হতাশাগ্ৰস্থ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ১৪ মিনিটৰ ছুটি ছৱিখন ৷ পুমি ডিজিটেল বেনাৰত নিৰ্মিত ছুটি ছৱিখন যোৱা ৫ জুনত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হৈছিল ৷ মুক্তিৰ পাচতে আমেৰিকান গল্ডেন পিকচাৰ্ছে ‘আউটষ্টেণ্ডিং এচিভমেন্ট এৱাৰ্ড’ আৰু ‘বেষ্ট ছৰ্ট ফিল্ম-২০২০’ৰ বাবে মনোনীত হৈছে ৷

প্ৰিয়া পাংগিং
প্ৰিয়া পাংগিং

বিশিষ্ট অনাতাঁৰ শিল্পী, ছুটি ছবিৰ নিৰ্দেশক তথা ডিব্ৰুগড় নতুন নিৰ্মালী গাঁৱৰ কুহিয়াৰবাৰীৰ গজেন পাংগিঙৰ পৰিচালনাৰে নিৰ্মাণ কৰা ‘মাই লাইফ’ নামৰ ছুটি ছৱিখনক টেগৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেললৈ মনোনীত কৰাত অসমৰ ছৱি জগতত আশাৰ সঞ্চাৰ হৈছে ৷ প্ৰথম বাৰৰ বাবে মিচিং জনগোষ্ঠীয় চৰিত্ৰৰ আধাৰত ইংৰাজী ভাষাত নিৰ্মিত ছৱিখনত অভিনয় কৰিছে প্ৰযোজক গজেন পাংগিঙৰ জীয়ৰি প্ৰিয়া পাংগিং, জোনাই লাইমেকুৰী গাঁৱৰ ৰাজীৱ বৰি, ডিব্ৰুগড়ৰ পানীগাঁৱৰ মিন্টু পাংগিং আদিয়ে ৷

উল্লেখ্য যে, সহজ-সৰল ভাষাত নিৰ্মিত জনগোষ্ঠীয় ভাষাৰ চৰিত্ৰৰ ছুটি ছৱিখনৰ এই কৃতিত্বক লৈ বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে ৷

লগতে পঢ়কঃ জ্যোতি-বিষ্ণুৰ অনুপস্থিতিত কেনে আছে গণনাট্য সংঘ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.