ETV Bharat / sitara

পুনৰ মুম্বাই অপৰাধ শাখাই জেৰা কৰিলে অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাক

author img

By

Published : Aug 7, 2021, 3:17 PM IST

Updated : Aug 7, 2021, 4:09 PM IST

পুনৰ শ্বাৰ্লিন চোপ্ৰাই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বিভিন্ন মন্তব্য আগবঢ়াইছে ৷ পত্নী শিল্পাৰ সৈতে ৰাজ কুন্দ্ৰাৰ সম্পৰ্ক ক্ৰমাৎ জটিল হৈ পৰা বুলিও দাবী কৰিছে শ্বাৰ্লিনে ৷

sherlyn-chopra-has-made-one-complaint-after-another-against-raj-kundra
এটাৰ পাছত আনটো অভিযোগ তুলিছে শ্বাৰ্লিন চোপ্ৰাই

চিটাৰা ডেস্ক, 7 আগষ্ট : শুকুৰবাৰে মুম্বাই অপৰাধ শাখাৰ Property Cellএ ৰাজকুন্দ্ৰাৰ পৰ্ণ’গ্ৰাফী গোচৰ সন্দৰ্ভত সোধপোছৰ বাবে পুনৰ চমন জাৰি কৰিছিল অভিনেত্ৰী শ্বাৰ্লিন ছোপ্ৰাক ৷ প্ৰায় 8 ঘন্টা ধৰি সোধ-পোছ চলোৱা হৈছিল অভিনেত্ৰীগৰাকীক ৷

অভিনেত্ৰী গৰাকীয়ে এক সংবাদ মাধ্যমক কয় যে, "তেওঁলোকে মোক আৰ্মছ প্ৰাইমৰ সৈতে মোৰ চুক্তি আৰু চুক্তিৰ চৰ্তাৱলী আৰু নিয়মাৱলী কি আছিল সেই বিষয়ে সুধিছিল । তেওঁলোকে আনকি সুধিছিল যে মই তেওঁলোকৰ সৈতে কিমানটা ভিডিঅ' শ্বুট কৰিছিলো আৰু কোনবোৰ প্ৰযোজনাৰ অংশ আছিলো ৷ ৰাজ কুন্দ্ৰাৰ সৈতে মোৰ কেনেধৰণৰ সম্পৰ্ক আছিল আৰু তেওঁৰ মালিকানাধীন আন কোম্পানীবোৰ বিষয়ে মোৰ হাতত কিবা তথ্য আছে নেকি ?"

শ্বাৰ্লিন চোপ্ৰাই লগতে কয় যে, এই সোধ-পোছৰ সময়ছোৱাত আৰক্ষীয়ে বিভিন্ন তথ্যৰ বিষয়ে আলোচনা চলিছিল ৷ লগতে তেওঁ এইবুলিও কয় যে, তেওঁ নিজেই আৰক্ষীক সুধিছিল তেওঁলোকে আৰু কিবা জানিব বিচাৰে নেকি ? কাৰণ এই পৰ্ণ’গ্ৰাফী ৰেকেটৰ ভুক্তভোগী সকলো মহিলা শিল্পীৰ বাবে ন্যায় বিচাৰো শ্বাৰ্লিনে ৷

উল্লেখ্য যে, অভনেত্ৰী শিল্পা ছেট্টী(Shilpa Shetty)ৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা(Raj Kundra)ই পৰ্ণ'গ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতে এই সমগ্ৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰিছিল ৷ গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা শ্বাৰ্লিন চোপ্ৰাই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বিভিন্ন মন্তব্য আগবঢ়াই আহিছে ৷ তেওঁ আনকি কুন্দ্ৰাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন কৰিছিল ৷ লগতে দাবী কৰিছিল যে ৰাজ কুন্দ্ৰাই শিল্পা চেট্টীৰ সৈতে তেওঁৰ বৈবাহিক সম্পৰ্কক 'জটিল' বুলি তেওঁৰ আগত বৰ্ণনা কৰিছিল ।

ইয়াৰ পূৰ্বেও সোধ-পোছৰ সময়ত শ্বাৰ্লিনে অভিযোগ কৰিছিল যে, কুন্দ্ৰাই আগতীয়াকৈ কোনো কথা নজনোৱাকৈ হঠাৎ তেওঁৰ ঘৰত উপস্থিত হৈছিল আৰু তেওঁ বাধা দিয়া স্বত্বেও শাৰিৰীকভাৱে ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰিছিল ৷ কিন্তু তেওঁ বিবাহিত পুৰুষৰ সৈতে কোনোধৰণৰ সম্পৰ্ক স্থাপনত অনিচ্ছুক বুলি জনোৱাৰ লগতে পেছাদাৰী আৰু ব্যক্তিগত জীৱন পৃথক কৰি ৰাখে বুলি ৰাজক কৈছিল ৷

সেই সময়তেই ৰাজ কুন্দ্ৰাই পত্নীৰে সৈতে তেওঁৰ সম্পৰ্ক জটিল বুলি শ্বাৰ্লিনৰ আগত দাবী কৰা বুলিও কৈছিল শ্বাৰ্লিনে ৷

লগতে পঢ়ক:ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰক লৈ কি ক'লে শ্বাৰ্লিন চোপ্ৰাই ?

Last Updated : Aug 7, 2021, 4:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.