চিটাৰা ডেস্ক,27 ডিচেম্বৰঃ অসমৰ এগৰাকী প্ৰথিতযশা ব্যৱসায়ী শৈল্যধৰ বৰুৱা ৷ ব্যৱসায়ৰ লগতে তেওঁ জড়িত আছিল অসমৰ ছবি জগতখনত ৷ তেওঁঁ আছিল এগৰাকী অসমীয়া ছবি পৰিচালক ৷ তেওঁ পোনপ্ৰথমে পৰিচালনা কৰা ছবিখন হ'ল 'হালধীয়া চৰাইয়ে বাওধান খায়' ৷ 2010 চনৰ 10 জানুৱাৰীত 69 বছৰ বয়সত মৃত্যুবৰণ কৰা পৰিচালকগৰাকীৰ নামত 2016 চনত গঠন কৰা হয় শৈল্যধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্ট ৷ প্ৰথমে বড়ো, কাৰ্বি, মিছিং, ৰাভা ইত্যাদি ভাষাৰ ছবিৰ ওপৰত বঁটা ঘোষণা কৰা হৈছিল কিন্তু বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ ছবিক কেন্দ্ৰ কৰি ঘোষণা কৰা হয় শৈল্যধৰ বৰুৱা ফিল্ম এৱাৰ্ড ৷
উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি ঘোষিত হয় 2019 বৰ্ষৰ শৈল্যধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ৷
এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে বৰনদী ভটিয়ায় ছবিখনে
সৰ্বশ্ৰেষ্ঠ প্ৰযোজক বঁটা লাভ কৰিছে মঞ্জুল বৰুৱাই ( ছবি-কানীন)
সৰ্বশ্ৰেষ্ঠ চিত্ৰ নাট্য লেখক বঁটা লাভ কৰিছে -ৰজনী বসুমতাৰীয়ে ( বড়ো ছবি জুৱেলৱি দ্য চিড )
সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক- কুৱান বে ( আমিষ)
সৰ্বশ্ৰেষ্ঠ চিনেমেটোগ্ৰাফী - অৰ্জুন নিংথেমচা ( মণিপুৰী ছবি লামান আমা )
সৰ্বশ্ৰেষ্ঠ চাউণ্ড ডিজাইনাৰ- গৌতম নায়াৰ (আমিষ)
সৰ্বশ্ৰেষ্ঠ ছবি সম্পাদক- হেমন্তি চৰকাৰ ( বড়ো ছবি জুৱেলৱি দ্য চিড)
সৰ্বশ্ৰেষ্ঠ কলা নিৰ্দেশক- চানাদ আৰিবাম ( লামান আমা)
সৰ্বশ্ৰেষ্ঠ অভিনেতা- অৰুণ হাজৰিকা ( ছবি -গৌবৰধন চৰিত )
সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী- লিমা দাস ( ছবি- আমিষ)