চিটাৰা ডেস্ক, ৩১ জুলাই : 'স্বাগ ছে কৰেংগে ছবকা স্বাগত' গীতটিৰ গায়িকা নেহা ভছিনক ৰিয়েলিটি শ্ব' বিগ বছ অ'টিটি(Bigg Boss OTT)ৰ প্ৰথম প্ৰতিযোগী হিচাপে নিৰ্ধাৰণ কৰা হৈছে । শ্ব'টোৰ ছিজন-১৫ৰ ডিজিটেল সংস্কৰণৰ আঁত ধৰিব ছবি নিৰ্মাতা কৰণ জোহৰে । নেহাই অনুষ্ঠানটোত প্ৰৱেশ কৰাৰ কথা ষ্ট্ৰীমিং প’ৰ্টেল ভূতে নিশ্চিত কৰিছে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলগীয়া আন আন তাৰকাসকলৰ নাম এতিয়াও গোপনে ৰখা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
'স্বাগ ছে কৰেংগে ছবকা স্বাগত', আছালাম-ই-ইছকম', 'হীৰিয়ে' আৰু 'জগ ঘুমেয়া' শীৰ্ষক কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে নেহাই । ৮ আগষ্টত ভূতত প্ৰিমিয়াৰ হ'ব বিগ বছ অ'টিটি ছিজন-১৫ । কৰণে বিগ বছ অ'টিটি ছয় সপ্তাহৰ বাবে আঁত ধৰিব । ডিজিটেল বিশেষ সম্প্ৰচাৰ সম্পূৰ্ণ হোৱাৰ পিছত কালাৰ্ছত শ্ব'টো সম্প্ৰচাৰিত হ'ব আৰু বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে(Salman Khan) শ্ব'টোৰ আঁত ধৰিব ।
আয়োজকসকলৰ মতে, এই সিদ্ধান্ত এক প্ৰকাৰৰ পৰীক্ষণমূলক আৰম্ভণি হ'ব পাৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
যদি ডিজিটেল প্লেটফৰ্মত আশা কৰা ধৰণে সঁহাৰি লাভ কৰে তেন্তে, ছিজন-১৬ ডিজিটেল প্লেটফৰ্মত প্ৰদৰ্শন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । অথবা অ'টিটি আৰু টেলিভিছনত একেলগেও অনুষ্ঠানটো আৰম্ভ হোৱাৰ সম্ভাৱনা থাকিব ৷ উল্লেখ্য যে, বিগ বছত প্ৰতিটো ছিজনতে বিতৰ্ক হোৱা পৰিলক্ষিত হয় যদিও TRP ৰ ক্ষেত্ৰত প্ৰতিবাৰেই শীৰ্ষত থাকে অনুষ্ঠানটো । অৱশ্যে এইবাৰ ডিজিটেল সংস্কৰণত হ'লেও ছলমান খানৰ পৰিৱৰ্তে কৰণ জোহৰে প্ৰথম অৱস্থাত অনুষ্ঠানটো আঁত ধৰিলে দৰ্শকৰ কেনে সঁহাৰি লাভ কৰিব সেয়া লক্ষণীয় হ'ব ৷