ETV Bharat / sitara

অপৰিকল্পিতভাৱে আমি এক ডিজিটেল বিপ্লৱৰ অংশ হৈ পৰিছোঃবৰুণ সোবতী

author img

By

Published : Dec 26, 2020, 3:50 PM IST

"যেতিয়া লোকসকলে সেউজ বিপ্লৱত অংশগ্ৰহণ কৰিছিল তেতিয়া তেওঁলোকে জনা নাছিল যে তেওঁলোক সেউজ বিপ্লৱৰ অংশ ৷ একেদৰে আমি অভিনেতাসকলেও এক ডিজিটেল বিপ্লৱৰ অংশ হৈ পৰিছো য’ত গৃহ মনোৰঞ্জনৰ ভাৱধাৰা সম্পূৰ্ণ সলনি হৈ পৰিছে ৷"-বৰুণ সোবতী

Barun Sobti: We've become part of new-age entertainment revolution unknowingly
অপৰিকল্পিতভাৱে আমি এক ডিজিটেল বিপ্লৱৰ অংশ হৈ পৰিছোঃবৰুণ সোবতী

চিটাৰা ডেস্ক,26 ডিচেম্বৰ: অপৰিকল্পিতভাৱে আমি এক ডিজিটেল বিপ্লৱৰ অংশ হৈ পৰিছো ৷ এই মন্তব্য টেলিভিশ্যনৰ জনপ্ৰিয় অভিনেতা বৰুণ সোবতীৰ ৷ অভিনেতাগৰাকীয়ে কয় যে, কৰ’ণা মহামাৰীৰ সময়ছোৱাত তেওঁৰ দৰে অভিনেতাসকলে নিজৰ যথাযত প্ৰাপ্য লাভ কৰাৰ লগতে এক বিশাল দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

বৰুণে কয়, "যেতিয়া লোকসকলে সেউজ বিপ্লৱত অংশগ্ৰহণ কৰিছিল তেতিয়া তেওঁলোকে জনা নাছিল যে তেওঁলোক সেউজ বিপ্লৱৰ অংশ ৷ একেদৰে আমি অভিনেতাসকলেও এক ডিজিটেল বিপ্লৱৰ অংশ হৈ পৰিছো য’ত গৃহ মনোৰঞ্জনৰ ভাৱধাৰা সম্পূৰ্ণ সলনি হৈ পৰিছে ৷ হয় বিশ্ব মহামাৰীৰ বাবে ই আৰু অধিক ৰাইজৰ দৃষ্টিগোচৰ হৈ পৰিছে ৷ মোৰ দৰে অভিনেতা সকলে ইয়াক উপভোগ কৰিছো ৷ মই এটি অতি অনন্দময় স্থানত আছো আৰু মই মোৰ কেৰিয়াৰত সদায় এই স্থানতে থাকিব বিচাৰিছিলো ৷"

উল্লেখ্য যে, শেহতীয়াকৈ ‘অসুৰ’ ৱেব চিৰিজখনত নিজৰ চৰিত্ৰৰ বাবে যথেষ্ট সহাঁৰি লাভ কৰিছে বৰুণে ৷ ইয়াৰ উপৰিও ডিজিটেলি মুক্তি লাভ কৰা ‘হলাহল’ত অভিনয়ৰ দ্বাৰাও দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বৰুণ ৷ অভিনেতাগৰাকীৰ সদ্যমুক্তি প্ৰাপ্ত ৱেব চিৰিজ ‘দ্য মিচিং ষ্টোন’ত তেখেতে বিদিতা বাগৰ বিপৰীতে অভিনয় কৰিছে ৷

মিচিং ষ্টোনৰ কাহিনীভাগ ধ্বনি আৰু সাহিৰ নামৰ এটি দম্পত্তিৰ কাহিনী ৷ যাৰ জীৱনটো এটি জন্মদিনৰ অনুষ্ঠানৰ পিছতে সম্পূৰ্ণৰূপে সলনি হৈ যায় ৷ বিশাল ফাৰিয়া আৰু আলোক নাউকৰ দ্বাৰা পৰিচালিত ৱেব চিৰিজখনত বৰুণৰ বাহিৰেও অভিনয় কৰিছে ৰাশী মল, চাকিব আয়ুব, বিথ্থল কালে, পল্লৱী পাটিল ৷ এই ৱেব চিৰিজ খন MX Playerত উপলব্ধ ৷

লগতে পঢ়ক-অভ্যৰ্থনা অনুষ্ঠানত মনীষ মল্হোত্ৰাৰ আকৰ্ষণীয় পোছাক পৰিধান গৌহৰ-জেইদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.