গুৱাহাটী,28 মাৰ্চঃ বিশ্বত সন্ত্ৰাস সৃষ্টি কৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছে ৷ ইয়াক ৰোধ কৰিবৰ বাবে দেশে দেশে লক ডাউন চলিছে ৷ এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰো ৷ এনে সময়ত ৰাজ্য চৰকাৰলৈ সামান্য অৱদান আগবঢ়াইছে জনপ্ৰিয় অভিনেতা যতীন বৰাই ৷ এই দুৰ্যোগৰ সময়ত ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপক প্ৰশংসা কৰে অভিনেতা গৰাকীয়ে । শেহতীয়াকৈ আৰোগ্য নিধি আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছে অভিনেতা গৰাকীয়ে । লগতে অসমৰ ৰাইজক যিয়ে যেনেকৈ পাৰে সাহায্য আগবঢ়াবলৈ অনুৰোধ কৰিছে অভিনেতা যতীন বৰাই । ইয়াৰ লগতে ৰাইজক ঘৰতে থাকিবলৈ অনুৰোধ কৰিছে অভিনেতাগৰাকীয়ে ৷
লগতে পঢ়কঃলক ডাউন সন্দৰ্ভত কি ক'লে গায়ত্ৰী মহন্তই ? এই সময়চোৱাত কি কৰিছে দীপলিনাই ডেকাই ?