ETV Bharat / sitara

দুবছৰৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা - ভ্ৰাম্যমান থিয়েটাৰ

উদুলি-মুদুলি থিয়েটাৰ ভাগ্যদেৱীৰ(Theatre Bhagyadevi) আখৰাস্থলী ৷ বুধবাৰে নলবাৰীৰ মৰোৱাত থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা গৃহ মুকলি ৷ তিনিখন নাটেৰে 5 অক্টোবৰৰ পৰা দৰ্শকৰ মাজলৈ থিয়েটাৰ ভাগ্যদেৱী ৷

Amidst Covid 19 reharsel of theatre Bhagyadevi has started
দুবছৰৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা
author img

By

Published : Sep 11, 2021, 1:09 PM IST

নলবাৰী, 11 ছেপ্তেম্বৰ : ক’ভিড 19(Covid 19) মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা ৰাজ্যৰ থিয়েটাৰসমূহৰ(Mobile Theatre) পুনৰ আৰম্ভ হৈছে আখৰা ৷ ৰাজ্যৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠীসমূহে 2021-2022 বৰ্ষত নাট মঞ্চায়নৰ বাবে আৰম্ভ কৰিছে পূৰ্ণ প্ৰস্তুতি ৷

ইয়াৰ বাবে সাজু হোৱাৰ অৰ্থে বুধবাৰে আখৰা গৃহ মুকলি কৰে সুবোধ মজুমদাৰৰ দ্বাৰা প্ৰযোজিত, পৰিচালিত থিয়েটাৰ ভাগ্যদেৱীয়ে(Theatre Bhagyadevi) ৷ ইতিমধ্যে থিয়েটাৰখনে পাৰ কৰিছে প্ৰায় 53 টাকৈ গৌৰৱোজ্জ্বল নাট্যবৰ্ষ ৷

Amidst Covid 19 reharsel of theatre Bhagyadevi has started
দুবছৰৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা

নলবাৰীৰ মৰোৱাত আখৰা আৰম্ভ কৰা হৈছে ভাগ্যদেৱী থিয়েটাৰৰ ৷ ভাগ্যদেৱী থিয়েটাৰত এইবেলি দৰ্শকে দেখিবলৈ পাব তিনিখন নাট ক্ৰমে- চম্পক শৰ্মাৰ ‘মহাশ্মশান’, পল্লৱ পৱনৰ ‘মহালয়া’ আৰু তিলক বৈশ্যৰ ‘মাতাল পৃথিৱী’ ৷ 54 তম নাট্যবৰ্ষত উপনীত হোৱা থিয়েটাৰ ভাগ্যদেৱীয়ে 5 অক্টোবৰৰ পৰা দৰ্শকৰ মাজত নাট মঞ্চস্থ কৰিব ৷

লগতে পঢ়ক: বাক্সাত নয়নতৰা থিয়েটাৰৰ আখৰাৰ শুভাৰম্ভ

আখৰা গৃহ মুকলি হেতুকে ভাগ্যদেৱীৰ চৌহদত মাংগলিক কাৰ্যসূচীৰে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় । বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন ক’ভিড নীতি-নিৰ্দেশনাত(SOP) পূৰ্বৰ তুলনাত বহু শিথিলতা প্ৰদান কৰা হৈছে ৷ এইখন SOP তে ৰাজ্যৰ ভ্ৰাম্যমান থিয়েটাৰৰ(Bhramyaman Theatre) আখৰা মুকলিৰ ক্ষেত্ৰত কোনো বাধ্য-বাধকতা নাই বুলি ঘোষণা কৰা হৈছিল ৷

সেই অনুসৰি, ভ্ৰাম্যমান নাট্যদলসমূহে প্ৰায় দুবছৰীয়া বিৰতিৰ অন্তত বুধবাৰৰে পৰা অনুশীলন আৰম্ভ কৰিছে ৷ চলিত মাহৰ শেষৰ ফালে পৰৱৰ্তী SOP ৰ জৰিয়তে ভ্ৰাম্যমান নাট্য দলসমূহে নাট মঞ্চস্থ কৰিব পাৰিব নে নাই, সেইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ চৰকাৰৰ এই আশ্বাসৰ ভিত্তিতেই সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি আখৰাৰ বাবে সাজু হৈছে নাট্য দলসমূহ ৷

লগতে পঢ়ক: 4 বছৰ সম্পূৰ্ণ কৰিলে ৰীমা দাসৰ VILLAGE ROCKSTERSৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.