চিটাৰা ডেস্ক, 26 মে’: বলিউড অভিনেতা সঞ্জয় মিশ্ৰা অভিনীত ‘মেক ইন ইণ্ডিয়া’ৰ আধাৰত নিৰ্মিত ‘ৱাহ জিন্দেগী’ ছবিখনৰ প্ৰচাৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু স্বদেশী জাগৰণ মঞ্চৰ নেতা ড0 অশ্বিনী মহাজনে আৰ্থিকভাৱে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ৷
শেহতীয়া পৰিস্থিতিৰ বাবে ভাৰতীয় অৰ্থব্যৱস্থা অতি গভীৰ সংকটত ভুগি আছে ৷ যিহেতু ‘ৱাহ জিন্দেগী’ ছবিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মেক ইন ইণ্ডিয়া’ৰ আধাৰত নিৰ্মিত হৈছে সেয়েহে ছবিখনৰ প্ৰচাৰত আৰ্থিক সহযোগিতা আগবঢ়াইছে বুলি অশ্বিনী মহাজনে সদৰী কৰে ৷
ছবিখনৰ কাহিনী এজন ব্যক্তিৰ জীৱনযোৰা সংঘৰ্ষক লৈ নিৰ্মাণ কৰা হৈছে, য’ত তেওঁ চীনা সামগ্ৰীক প্ৰতিযোগী হিচাপে লৈ ‘মেক ইন ইণ্ডিয়া’ক আগত ৰাখি ভাৰতত সামগ্ৰী নিৰ্মাণ কৰে ৷ এফ.টি.আই.আই.ৰ প্ৰাক্তন ছাত্ৰ দিনেশ এছ যাদৱে নিৰ্দেশনা কৰা এই ছবিখনত অভিনেতা সঞ্জয় মিশ্ৰা, বিজয় ৰাজ, নবীন কস্তুৰিয়া, প্লাৱিতা বৰঠাকুৰ আৰু মনোজ যোশীয়ে অভিনয় কৰিছে ৷
লগতে পঢ়ক: ৩৩ বছৰ সম্পূৰ্ণ "মিষ্টাৰ ইণ্ডিয়া"ৰ